বুধবাৰৰ পৰা আৰম্ভ হ’বলগা সংসদৰ বাজেট অধিবেশনৰ (Budget Session) পূৰ্বে মঙলবাৰে অনুষ্ঠিত হ’ব সৰ্বদলীয় বৈঠক (All-Party Meeting)। কেন্দ্ৰীয় চৰকাৰে এই বৈঠকৰ আহ্বান জনাইছে। উল্লেখ্য যে প্ৰথা অনুসৰি, সংসদৰ অধিবেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠকৰ আহ্বান জনোৱা হয়। এই বৈঠকত বিভিন্ন দলৰ নেতাসকলে সংসদত উত্থাপন কৰিব বিচৰা বিষয়ৰ ওপৰত আলোকপাত কৰে আৰু চৰকাৰে অধিবেশনৰ কাৰ্যসূচীৰ এক আভাস প্ৰদান কৰে।
অহা ৩১ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব সংসদৰ বাজেট অধিবেশন। এই চমু অধিবেশনত ১ ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৰ্ৱৰ্তীকালীন বাজেট (Interim Budget) দাখিল কৰিব । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বাজেট পূৰ্ণাংগ বাজেটৰ পৰিৱৰ্তে অন্তৰ্ৱৰ্তীকালীন হ’ব । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে সংসদৰ বাজেট অধিবেশন আৰম্ভ হ’ব ।