মঙলবাৰে ৰাষ্ট্ৰপতিৰ ভাষণেৰে (With the President’s address) সংসদ (Parliament)ৰ বাজেট অধিবেশন (Budget Session) আৰম্ভ হৈছে। বাজেট অধিবেশনৰ পূৰ্বে সংসদৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, “সমগ্ৰ বিশ্বৰ ভাৰতৰ ফালে লক্ষ্য। কাৰণ, প্ৰতিটো ক্ষেত্ৰতে আমাৰ দেশত বিকল্প সমাধান উপলব্ধ।” তেওঁ কয়, “আমাৰ লক্ষ্য হৈছে এনে এখন ভাৰত গঢ়ি তোলা যʼত মানুহ সঁচা অৰ্থত স্বাৱলম্বী হʼব।”
আনহাতে, গোলকীয় অনিশ্চয়তাৰ পৰিবেশত সমগ্ৰ বিশ্বৰ ভাৰতৰ ফালে দৃষ্টি নিবদ্ধ আছে বুলি কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।উল্লেখ্য, বাজেট অধিবেশনৰ আৰম্ভণিতে যুটীয়া অধিবেশন ৰাষ্ট্ৰপতিৰ ভাষণেৰে আৰম্ভ হয়। উল্লেখ্য, এই বাজেট মোদী চৰকাৰৰ দ্বিতীয় পৰ্যায়ৰ অন্তিম বাজেট।
গতিকে মোদী চৰকাৰে ৰাইজক সম্বোধন কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত মধ্যবিত্ত শ্ৰেণীৰ দৃষ্টি থাকিব। একেদৰে কৰ্পোৰেট খণ্ডত চৰকাৰে কিমান সম্বোধন কৰিব সেই সন্দৰ্ভতো শিল্পমহলে চকু ৰাখিব।
ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, “আজি দেশত এখন সুস্থিৰ, নিৰ্ভীক চৰকাৰ আছে। যিটোৱে ডাঙৰ সপোন পূৰণ কৰাত সহায় কৰে।” তেওঁৰ ভাষণত আছিল ৩৭০ অনুচ্ছেদ বাতিলৰ পৰা আৰম্ভ কৰি তিনি তালাকলৈকে। তেওঁ কয়, “আমাৰ চৰকাৰে ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাত অপ্ৰয়োজনীয়ভাৱে পলম কৰা নাছিল।”
তেওঁৰ মতে, “প্ৰতিজন ভাৰতীয়ৰ মানসিকতাত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন আহিছে। আত্মবিশ্বাসেৰে ভৰি পৰিছে আজি। এই কাৰণেই আন দেশতো ভাৰতৰ মূল্যায়ন সলনি হৈছে।”
অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে উপস্থিত সাংবাদিকসকলৰ আগত কয়, “ভাৰতৰ বাজেটত সাধাৰণ জনতাৰ আকাংক্ষাক চাবলৈ চেষ্টা কৰা হʼব। গোটেই পৃথিৱীয়ে ইয়াত আশাৰ পোহৰ দেখিছে। সেই আকাংক্ষা পূৰণৰ বাবে নিৰ্মলা সীতাৰমণে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। সমগ্ৰ পৃথিৱীৰ লক্ষ্য আজি আমাৰ ওপৰত।”
ৰাষ্ট্ৰপতিৰ ভাষণৰ সময়ত আপ আৰু বি আৰ এছ (তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ নতুন নাম) অধিবেশনত উপস্থিত নাছিল। জানিব পৰা মতে, শ্ৰীনগৰৰ পৰা বিমান পলম হোৱাৰ বাবে কংগ্ৰেছৰ সাংসদসকলে অধিবেশনত উপস্থিত থাকিব নোৱাৰিলে।
সমগ্ৰ বিশ্বতে অৰ্থনৈতিক অস্থিৰতা অব্যাহত আছে। এনে পৰিস্থিতিত বিনিয়োগ সমাজৰ দৃষ্টি ভাৰতৰ ওপৰত।সাধাৰণ জনতাৰ আকাংক্ষা পূৰণৰ উপৰি বুধবাৰে স্পষ্ট হʼব যে বাজেটে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীলৈ কি বাৰ্তা প্ৰেৰণ কৰে।