
শনিবাৰে সন্ধিয়া ৫ বজাত ডিফু (Diphu Police Station) থানাৰ অ চি জেএছ খবুঙে জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে পুবা ৯.৩০ বজাত ডিফুৰ মাটিপুঙস্থিত আৰব’ৰেটামকাম ক্রাফট্ চেণ্টাৰত দুর্বল অবস্থাত পৰি থকা এগৰাকী ৪৫-৫৯ বয়সৰ পুৰুষক বন বিভাগৰ লোকে উদ্ধাৰ কৰি ডিফু চিকিৎসা মহাবিদ্যালয় (Diphu Medical College)ত ১০৮ যোগে ভর্তি কৰায়।

চিকিৎসাধীন অবস্থাত আজি পুৱা ব্যক্তিগৰাকীৰ মৃত্যু ঘটে (Death of unidentified person) বুলি আৰক্ষী সূত্রে জানিব পৰা গৈছে। আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি চিনাক্তকৰণৰ বাবে ডিফু মর্গত ৭২ ঘণ্টাৰ বাবে মৃতদেহটো ৰখা বুলি জানিবলৈ দিয়ে।













