কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ এসপ্তাহৰ ভিতৰতে আৰম্ভ হ’ল ভাৰত-ম্যানমাৰ সীমান্তত বেৰ নিৰ্মাণৰ (Construction of fencing along Indo-Myanmar border) কাম। চৰকাৰী সূত্ৰ মতে, উত্তৰ-পূবৰ পাহাৰ আৰু বনাঞ্চলেৰে আগুৰি থকা এই দুৰ্গম সীমান্তৰ বেৰ নিৰ্মাণৰ কাম লাভ কৰিছে চৰকাৰী সংস্থা ‘ব’ৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচন’ (BRO) অৰ্থাৎ সীমান্ত পথ সংস্থাই।
উল্লেখযোগ্য যে দেশৰ প্ৰায়বোৰ সীমান্ত পথ আৰু আনুষংগিক আন্তঃগাঁথনি নিৰ্মাণৰ দায়িত্ব বি আৰ অ’ৰ ওপৰত ন্যস্ত। সাধাৰণতে ভাৰতীয় সেনাৰ লেফটেনেণ্ট জেনেৰেল পদবীৰ এজন বিষয়াই সংগঠনটোৰ দায়িত্ব লয়।
এই সন্দৰ্ভত কিছুদিন পূৰ্বে গুৱাহাটীত অসম আৰক্ষীৰ এক কাৰ্যসূচীত অমিত শ্বাহে কৈছিল যে বাংলাদেশ সীমান্তৰ দৰে ম্যানমাৰ সীমান্তও সুৰক্ষিত হ’ব। তেওঁ কয়, “মই অসমৰ সকলো বন্ধু-বান্ধৱীক জনাব বিচাৰিছো যে নৰেন্দ্ৰ মোডীৰ চৰকাৰে ম্যানমাৰ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ লগোৱাৰ সিদ্ধান্ত লৈছে।”
কেন্দ্ৰৰ এই সিদ্ধান্ত মূলত অনুপ্ৰৱেশ আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ (Infiltration and terrorist activities) ৰোধৰ বাবে (for resistance) বুলি কোৱা হৈছে। ইয়াৰ উপৰি ম্যানমাৰৰ সামৰিক জন্টা চৰকাৰৰ মিত্ৰতা দেশখনৰ তিনিটা বিদ্ৰোহী গোট— টাং নেচনেল লিবাৰেচন আৰ্মি (টিএনএলএ), আৰাকান আৰ্মী (এএ) আৰু ম্যানমাৰ নেচনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মীৰ (এমএনডিএএ) সৈতে মিত্ৰতা ব্ৰাদাৰহুড এলায়েন্সত শেহতীয়াকৈ গৃহযুদ্ধৰ বাবে মিজোৰামত আশ্ৰয় লৈছে হাজাৰ হাজাৰ শৰণাৰ্থী। যিটো কেন্দ্ৰৰ বাবে মূৰৰ বিষৰ কাৰণ হৈ পৰিছে।
উল্লেখযোগ্য যে অমিত শ্বাহৰ ঘোষণাৰ পূর্বে স্থানীয় সূত্রই প্রকাশ কৰিছিল যে ম্যানমাৰৰ সীমান্তৰ নির্বাচিত অঞ্চলত বেৰ বহুওৱা আৰম্ভ হৈছে৷ সংবাদ সংস্থা পিটিআয়ে জনোৱা মতে, ম্যানমাৰৰ সংযুক্ত মণিপুৰৰ টংগানৌপাল জিলাৰ ম’ৰেৰ ১০ কিলোমিটাৰ সীমান্তত বেৰ দিয়াৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে।
উল্লেখ্য, ভাৰত আৰু ম্যানমাৰৰ স্থলসীমা প্ৰায় ১৬৪৩ কিলোমিটাৰ। মণিপুৰৰ উপৰি ম্যানমাৰৰ সীমান্ত উত্তৰ-পূবৰ আন তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সৈতে এই সীমা ভাগ-বতৰা কৰা হৈছে।