
অযোধ্যাৰ ৰাম মন্দিৰৰ (Ayodhya Ram Mandir) সংলগ্ন অঞ্চলত আৰু ১৩টা মন্দিৰ নিৰ্মাণ হ’বলৈ গৈ আছে। এই তথ্য ৰাম জন্মভূমি ট্ৰাষ্টৰ। ইয়াৰে ৬টা মন্দিৰ ৰাম মন্দিৰ চৌহদৰ ভিতৰত আৰু ৭টা মন্দিৰ চৌহদৰ বাহিৰত থাকিব।

ৰাম জন্মভূমি ট্ৰাষ্টৰ কোষাধ্যক্ষ স্বামী গুৰুদেৱ গিৰিয়ে কয় যে মূল মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে এই মন্দিৰসমূহৰ নিৰ্মাণৰ কাম চলিছে। আগন্তুক কেইবছৰমানৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব।
বৰ্তমান ৰাম মন্দিৰৰ গৰ্ভ গৃহৰ কাম সম্পূৰ্ণ হৈছে। মন্দিৰৰ ওপৰত দুটা মহলাত এতিয়াও কাম বাকী আছে। গুৰুদেৱ গিৰিয়ে কয়, “দ্বিতীয় মহলাৰ কাম চলি আছে। ইয়াৰ পিছত মন্দিৰৰ চূড়া (ওপৰ ভাগ) নিৰ্মাণ কৰা হ’ব।
ইয়াৰ পিছত ৰাম পৰিয়ালক লৈ পাঁচটা মন্দিৰ নিৰ্মাণ কৰা হ’ব। ৰাম মন্দিৰৰ চাৰিকোণত বিষ্ণু, শিৱ, গণেশ আৰু সূৰ্য দেৱতাৰ মন্দিৰ নিৰ্মাণ কৰা হ’ব বুলি জনা যায়। লগতে থাকিব মা জগদম্বা মন্দিৰ। হনুমানজী মন্দিৰো নিৰ্মাণ কৰা হ’ব। অৱশ্যে এই মন্দিৰসমূহৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এটা প্ৰতিমূৰ্তিও স্থাপন কৰা হৈছে। বৰ্তমান অন্তিম পর্যায়ৰ কাম আৰু পলিচিং চলি আছে।
ৰাম মন্দিৰ চৌহদৰ ভিতৰত সীতা ৰছয়ি, যিটো সীতাৰ পাকঘৰ বুলি ধাৰণা কৰা হয়, তাত অন্নপূৰ্ণা মন্দিৰ নিৰ্মাণ কৰা হ’ব। মন্দিৰ চৌহদৰ বাহিৰত নিৰ্মাণ হ’ব ৭টা মন্দিৰ। এই মন্দিৰসমূহ ৰাম জীৱনৰ সৈতে জড়িত ঋষিসকলৰ সৈতে নিৰ্মাণ কৰা হ’ব। তাত বাল্মিকী, বশিষ্ঠ, বিশ্বমিত্ৰ, দেৱী শ্বাব্ৰি আৰু জটায়ুৰ মন্দিৰ নিৰ্মাণ কৰা হ’ব।










