মিজোৰামত দুৰ্ঘটনাগ্ৰস্ত (Crash in Mizoram) হৈছে ম্যানমাৰ সেনাৰ এখন বিমান (Myanmar Army aircraft)। মঙলবাৰে পুৱা উত্তৰ-পূবৰ ৰাজ্যখনৰ লেংপুই বিমানবন্দৰত (Lengpui Airport) অৱতৰণ কৰি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় সূত্ৰ অনুসৰি, বিমানখনত ১৩ জন জোৱান আছিল। ইয়াৰে ৮ জন আহত হয়।
স্থানীয় ৰাইজে জনোৱা মতে, পাহাৰেৰে আগুৰি থকা বিমানবন্দৰটোত বিমান এখন অৱতৰণ কৰাটো অতি কঠিন। ম্যানমাৰ সেনাৰ বিমানখন পুৱা বিমানবন্দৰটোত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাত পতিত হয়।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ম্যানমাৰত সংঘটিত জাতিগত হিংসাত মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰ সেনাৰ জোৱানসকলক নিবৰ বাবে বিমানখন আহিছিল।