
৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত (Proceedings of the 75th Republic Day) ডিফু (Diphu)ৰ বিশিষ্ট ব্যক্তি তথা আমেৰিকান লিংগুৱেষ্টিক বঁটা প্ৰাপক চিকাৰি তিচ’ক আমন্ত্ৰণ জনোৱা হৈছে ৷ আমেৰিকাৰ সন্মানীয় লিংগুৱেষ্টিক ছ’চাইটি অফ আমেৰিকাজ ইন কমিউনিটি লিংগুৱেজটিক এৱাৰ্ড (২০২১) বঁটা প্ৰাপক বিশিষ্ট কবি সাহিত্যিক চিকাৰী তিছ’ক ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷
এই সন্দৰ্ভত ডিফুত বিশিষ্ট ব্যক্তি চিকাৰী তিচ’ৱে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০০ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো ব্যক্তিকেই ৭৫ সংখ্যক গণৰাজ্য দিৱসলৈ বাবে আমন্ত্ৰণ কৰা হৈছে৷ বৰ্তমান সাহিত্যিক চিকাৰী তিচ’ৱে বিশ্বমানৰ এক অভিধান ৰচনা কৰাত আত্ম নিয়োগ কৰিছে জানিবলৈ দিয়ে সাহিত্যিকগৰাকীয়ে৷ অভিধানটো ৰচনা কৰাত আন্তৰ্জাতিক পৰ্যায়ৰ ভাষাবিধ আৰু নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলে সহায় কৰি থকা বুলিও কয় সাহিত্যিকগৰাকীয়ে৷

ছুইজাৰলেণ্ডৰ ভাষা তত্ববিধসকলৰ পৰা প্ৰতি সপ্তাই অভিধানখন ৰচনা কৰাৰ বাবে অনলাইন পৰামৰ্শ গ্ৰহণ কৰি থকা বুলিও জানিবলৈ দিয়ে তিচ’ৱে ৷ ইয়াৰোপৰি পৃথিৱীৰ ২০৩ খন দেশৰ প্ৰৱচনৰ এখন গ্ৰন্থ ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদৰ কাম কৰি আছে আৰু দ্বিতীয় তাঙৰণ হব বুলি মন্তব্য কৰে সাহিত্যিকগৰাকীয়ে৷
উল্লেখ্য যে, কাৰবি ভাষা সাহিত্যৰ উত্তৰণৰ হকে নিৰৱে কাম কৰি অহা সাহিত্যিক গৰাকীয়ে এগৰাকী জাৰ্মান শিক্ষাবিদৰ সৈতে কাৰ্বি অভিধান প্ৰণয়নৰ সৈতেও জড়িত হৈ আছিল ৷বিশিষ্ট সাহিত্যিক গৰাকীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে যাব বুলি সন্মতি প্ৰদান কৰিছে ৷ সাহিত্যিক গৰাকীক জনোৱা এনে আমন্ত্ৰণে সমগ্ৰ জিলাবাসীক গৌৰাৱন্বিত কৰিছে৷













