বৰ্তমান দৈনন্দিন জীৱনৰত মোবাইল ফোনটো (Mobile Phone) যথেষ্ট গুৰুত্বপূৰ্ণ বস্তু হৈ পৰিছে। মোবাইল ফোন নহ’লে যেন এতিয়া জীৱনটোৱে স্থবিৰ। মোবাইলত সমস্যা হ’লে যেনেদৰে চলাত অসুবিধা হয়, ঠিক তেনেদৰে চাৰ্জ নাথাকিলেও জীৱনটো যেন স্তব্ধ হৈ যায়। কেতিয়াবা হঠাৎ মোবাইল ফোনত চার্জ (Charge on mobile phone) নোহোৱা হ’লে আমি নিজৰ ফোনৰ চাৰ্জাৰ নাথাকিলে যিকোনো ফোনৰ চাৰ্জাৰেৰে চাৰ্জ (Charge with phone’s charger) কৰো। কিন্তু সেইটো সঠিক হয়নে?
কেতিয়াবা আমাৰ নিজৰ চাৰ্জাৰ নাথাকিলে আন কাৰোবাৰ চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰি লওঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে বিভিন্ন চাৰ্জাৰেৰে ফোন এটা চাৰ্জ কৰিলে ইয়াৰ বেটাৰীত কি প্ৰভাৱ পৰে?
যদি আপুনিও আপোনাৰ ফোনটো আন কোনো চাৰ্জাৰেৰে চাৰ্জ কৰে, তেন্তে আপুনি এতিয়াই সাৱধান হোৱাটো প্ৰয়োজন। কাৰণ বিভিন্ন চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰিলে আপোনাৰ ফোনটোৰ বেটাৰীৰ বিভিন্ন ধৰণৰ ক্ষতি হ’ব পাৰে।
মোবাইল বিশেষজ্ঞৰ মতে, ফোনটোৰ লগত অহা সংশ্লিষ্ট চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰাটো সদায় ভাল। যদি কোনোবাই আন কাৰোবাৰ চাৰ্জাৰ ব্যৱহাৰ কৰি ফোনটো চাৰ্জ কৰে তেন্তে বেটাৰী গৰম হোৱাৰ সমস্যা হ’ব পাৰে।
![Phone charging problems I একাধিক চাৰ্জাৰেৰে ফোন চাৰ্জ দিয়ে নেকি? জানি লওক কি হ'ব পাৰে 2 একাধিক চাৰ্জাৰেৰে ফোন চাৰ্জ দিয়ে নেকি? জানি লওক কি হ'ব পাৰে](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/01/chargerp1.jpg?resize=737%2C732&ssl=1)
যদি আপোনাৰ Vivo ফোনটোৱে 65W চাৰ্জাৰ সমৰ্থন কৰে আৰু আপুনি ইয়াক Redmi ফোনটোৰ পৰা 45W চাৰ্জাৰেৰে চাৰ্জ কৰে, তেন্তে ফোনটো চাৰ্জ হ’ব। কিন্তু সময়ৰ লগে লগে ইয়াৰ বেটাৰীৰ ক্ষমতা হ্ৰাস পাব পাৰে।
বাৰে বাৰে আন কাৰোবাৰ চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰিলে ফোনটোৰ বেটাৰীৰ ক্ষমতা হ্ৰাস পাব। লাহে লাহে ইয়াৰ ফলত ফোনটোৰ বেটাৰী কম সময় থাকে।
প্ৰায়ে আমি ফোনবোৰ জ্বলি উঠাৰ কথা শুনিবলৈ পাওঁ। ইয়াৰ মূল কাৰণ হৈছে আন চাৰ্জাৰেৰে ফোন চাৰ্জ কৰা। অন্য চাৰ্জাৰৰ অত্যধিক ব্যৱহাৰৰ বাবে হ’ব পাৰে এই সমস্যা।
কিন্তু যদি আন কোম্পানীৰ চাৰ্জাৰ থাকে আৰু আপোনাৰ ফোন চাৰ্জাৰৰ ৱাটেজ আৰু কেপাচিটিৰ মাজত কোনো পাৰ্থক্য নাথাকে, তেন্তে আপুনি আপোনাৰ ফোনটো আন কোম্পানীৰ চাৰ্জাৰেৰে চাৰ্জ কৰিব পাৰে আৰু ইয়াৰ বেটাৰীত কোনো প্ৰভাৱ নপৰে।
লগতে খবৰ ওলাইছে যে ইউৰোপীয় সংঘই সকলো দেশতে চাৰ্জাৰ একে কৰাৰ সিদ্ধান্ত লৈছে, যাতে সকলোৱে একেটা চাৰ্জাৰৰ পৰাই নিজৰ ডিভাইচ চাৰ্জ কৰিব পাৰে। কিন্তু তথাপিও আপুনি চেমচাঙৰ চাৰ্জাৰেৰে এপল আইফোন চাৰ্জ কৰিব নোৱাৰে। কাৰণ ফোন দুটাৰ গঠন আৰু আন্তঃগাঁথনি সম্পূৰ্ণ বেলেগ।