
বাংলাদেশৰ সাধাৰণ নিৰ্বাচন (Bangladesh General Elections)ত পুনৰ শাসন ক্ষমতা (Power to rule again) দখল কৰিছে শ্বেখ হাচিনা (Sheikh Hasina)ই। উল্লেখযোগ্য যে এইবাৰ বাংলাদেশৰ নিৰ্বাচনত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয়। আনহাতে, মুখ্য বিৰোধী দল বিএনপিকে ধৰি কেইবাটাও ৰাজনৈতিক দলে ভোট বৰ্জন কৰে। প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দল বিএনপিয়ে নিৰ্বাচনৰ আগদিনাৰ পৰা দেশত ৪৮ ঘণ্টীয়া ধৰ্মঘট আহ্বান কৰে।

ইফালে দেওবাৰে পুৱাৰ পৰা অনুষ্ঠিত ভোট গ্ৰহণত বিভিন্ন বুথত ভোটাৰৰ সংখ্যা লক্ষণীয়ভাৱে কম আছিল। তাৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হিংসাৰ খবৰ আহে। কেইবাটাও বুথত ভোটদান বাতিল কৰিবলগা হয়। নিৰ্বাচনী হিংসাত এজন লোক নিহত হয়। দুজন লোকক গুলীয়াই হত্যা কৰা হয়।
বাংলাদেশত দ্বাদশ সংসদীয় নিৰ্বাচন দেওবাৰে অনুষ্ঠিত হয়। মুঠ ৩০০ খন আসনৰ ভিতৰত ২৯৯ খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হয়। মুঠ ২৮ টা ৰাজনৈতিক দলে ইয়াত অংশগ্ৰহণ কৰে। মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ১৯৬৯। মুঠ ভোটাৰৰ সংখ্যা হৈছে ১১ কোটি ৯৬ লাখ ৮৯ হাজাৰ ২৮৯।










