![]()
নিউজ ডেস্কঃ
দীর্ঘ ২০ বছৰৰ পিছত ঘোষিত হ’ল শাস্তি। দোষী সাব্যস্ত হোৱাৰ পিছত হাচিনা-হত্যাৰ পৰিকল্পনাকাৰীসকল বৰ্তমান ফায়াৰিং স্কোয়াডৰ সন্মুখত। কিন্তু পৰিকল্পনাকাৰী কেইজনৰ মৃত্যুদণ্ড কার্যকৰী হ’বনে নাই, তাক লৈ চূড়ান্ত সিদ্ধান্ত ল’ব বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়ালয় বিভাগে।
প্রায় দুই দশক আগতে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাচিনাক হত্যাৰ চেষ্টা কৰাত ১৪ ইছলামি উগ্ৰপন্থীক মৃত্যুদণ্ডৰ শাস্তি শুনাইছিল বাংলাদেশৰ আদালতে ৷ মঙ্গলবাৰে সেই দেশৰ বিশেষ ফাষ্টট্ৰেক ট্রাইব্যুনেল-১-এ এই শাস্তি শুনাইছে। ‘ফায়াৰিং স্কোয়াড’ত গুলি কৰি দোষী সাব্যস্তসকলৰ শাস্তি কার্যকৰী কৰাৰ নির্দেশ দিয়া হৈছে।
ফাষ্টট্ৰেক ট্রাইব্যুনেল-১-ৰ (Dhaka’s Speedy Trial Tribunal-1) বিচাৰক আবু জাফৰ মহম্মদ কামৰুজ্জামানে মঙ্গলবাৰে এই এই শাস্তি শুনায়। তেওঁ কয় যে, ‘এই ধৰণৰ নৃশংস আৰু গৰ্হিত ঘটনাৰ পুনৰাবৃত্তি যাতে নঘটে, সেইবাবে দোষীসকলক এই দৃষ্টান্তমূলক শাস্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।’
কিন্তু ‘ফায়াৰিং স্কোয়াড’ত শাস্তিপ্ৰাপ্তসকলৰ মৃত্যুদণ্ড কার্যকৰী হ’বনে নাই, সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়ালয় বিভাগে।










