
২০০৭ চনত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ তেওঁ অন্যতম অংশ আছিল। তেওঁৰ অ’ভাৰেই ভাৰতক বিশ্বকাপ প্ৰদান কৰিছিল। ক্ৰিকেট ত্যাগ কৰাৰ পিছত এতিয়া তেওঁ হাৰিয়ানা আৰক্ষীৰ ডি এছ পি হিচাপে কৰ্মৰত। এইবাৰ সেইগৰাকী যোগীন্দৰ শৰ্মা (Joginder Sharma) আত্মহত্যাৰ লগত জড়িত এটা গোচৰত অভিযুক্ত কৰা হৈছে। হিছাৰ নিবাসী এজন ব্যক্তিৰ আত্মহত্যাৰ পিছত যোগীন্দৰৰ বিৰুদ্ধে ৰুজু হৈছে এক গোচৰ।

অৱশ্যে তেওঁ অকলে নহয়, আন পাঁচজনৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছে। তেওঁলোক হৈছে অজয়বীৰ, ঈশ্বৰ, প্ৰেম, ৰাজেন্দ্ৰ আৰু সিহাগ। আটাইকেইজনৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। হিছাৰ নিবাসী পৱনে ১ জানুৱাৰীত সম্পত্তিৰ বিবাদৰ বাবে আত্মহত্যা কৰে।
পিছদিনা পৱনৰ মাতৃ সুনীতাই স্থানীয় থানাত এজাহাৰ দাখিল কৰে। তেওঁ কয় যে সম্পত্তিৰ বিবাদৰ বাবে আদালতত গোচৰটো চলি আছে। যোগিন্দাৰকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে আটাইকেইজনে পৱনক দিনৰ পিছত দিন অত্যাচাৰ কৰিছিল। সেইবাবেই তেওঁ আত্মহত্যা কৰে।
আনহাতে, মৃতদেহ লৈ পৱনৰ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰে। অনুসূচিত জাতি আইনৰ অধীনত অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী কৰে। লগতে ছয়টা দাবীও পৰিয়ালটোৱে আৰক্ষীক অৱগত কৰিছে। পৰিয়ালটোক আৰ্থিক সহায়ৰ উপৰি ন্যায্য বিচাৰৰ কথাও উল্লেখ কৰা হৈছে।
আটাইকেইজনৰ বিৰুদ্ধে আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে বুলি এজন আৰক্ষী বিষয়াই জনায়। আৰু অধিক দফা যোগ কৰিব পাৰে নেকি সেয়াও লক্ষ্য কৰা হৈছে। যোগীন্দৰে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি কয়, “এই গোচৰৰ বিষয়ে মই একো নাজানো। পৱনক চিনি নাপাওঁ আৰু কেতিয়াও দেখা নাই।”













