নতুন বছৰৰ আৰম্ভণিতেই হিংসাত্মক ঘটনা আৰু ৰক্তপাতৰ সাক্ষী হ’ল মণিপুৰ (Manipur Violence) । মণিপুৰ উপত্যকাৰ থৌবাল জিলাত সোমবাৰে বিয়লি সংঘটিত এক সাম্প্ৰদায়িক সংঘৰ্ষত কমেও চাৰিজন লোক নিহত হয়। ইয়াৰ ফলত মণিপুৰ চৰকাৰে ৰাজধানী ইম্ফলকে ধৰি উপত্যকাটোৰ পাঁচখন জিলাত সান্ধ্য আইন জাৰি কৰিছে।
থৌবালৰ উপৰি ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ আৰু কোকচিঙ জিলাত এই সান্ধ্য আইন জাৰি কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাত প্ৰথমে নিহত তিনিজনক গাড়ীৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। সেই সময়তে লিলং চিংঝাও অঞ্চলত বিৰোধী শিবিৰৰ দুস্কৃতিকাৰীয়ে গাড়ীখন অৱৰোধ কৰে। তাৰ পিছত আক্ৰমণ চলাই গাড়ীচালকজনক গুলীয়াই হত্যা কৰে।
লগতে গাড়ীখন জ্বলাই জুই দিয়ে। এই ঘটনাৰ পিছতে উপত্যকাটোৰ লগতে কাষৰীয়া পাহাৰীয়া অঞ্চলতো উত্তেজনা বিয়পি পৰে। আনহাতে, এই সংঘৰ্ষত আন কেইবাজনো লোক আহত হয়। ইফালে এই পৰিস্থিতিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে দুয়োটা সম্প্ৰদায়কে সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায়। লগত তেওঁ মন্ত্ৰীসভাৰ জৰুৰী বৈঠকো আহ্বান কৰে।