ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi pollution I দীপাৱলীৰ নিৰ্দেশনাক ভেঙুটালি, আতচবাজীৰ ধোঁৱাত শ্বাসৰুদ্ধকৰ ৰাজধানীৰ বায়ু

News Desk by News Desk
November 9, 2026
Reading Time: 1 min read
A A
0
Delhi pollution I দীপাৱলীৰ নিৰ্দেশনাক ভেঙুটালি, আতচবাজীৰ ধোঁৱাত শ্বাসৰুদ্ধকৰ ৰাজধানীৰ বায়ু

RELATED POSTS

Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ

UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ

Indian Railway । ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নতুন অভিলেখ, ভঙা-ছিঙা সামগ্ৰী বিক্ৰী কৰি এমাহত ৬২৮ কোটি উপাৰ্জন

New Logo Smal 1 | ASSAM TIMES POST

উচ্চতম ন্যায়ালয়ে সময়সীমা বান্ধি দিয়াৰ পাছতো দিল্লীত দীপাৱলীৰ নিশা আতচবাজীৰ ঢৌৱে কঁপাই তোলে ৰাজধানী দিল্লী। ফলত সোমবাৰে পুৱাৰে পৰা সমগ্ৰ ৰাজধানীখন বিষাক্ত ধোঁৱাৰ চাদৰে (Delhi Pollution) আৱৰি ধৰে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ (চিপিচিবি) তথ্য অনুসৰি, দীপাৱলীৰ পিছদিনা পুৱা দিল্লীৰ কেইবাটাও  স্থানত বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৪০০ৰ সীমা অতিক্ৰম কৰি ‘গুৰুতৰ’ স্তৰত উপনীত হয়। ঘন ধোঁৱাৰ বাবে ইণ্ডাৰলককে ধৰি মহানগৰীৰ বৃহৎ অঞ্চলত পুৱাৰ ভাগত একো মনিব নোৱৰা হয়। চিপিচিবিৰ তথ্য অনুসৰি, সোমবাৰে পুৱা ৪.২০ বজাত আইটিঅ’ এলেকাত বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৪০৬ত ৰেকৰ্ড কৰা হয়, যিটো ‘ভয়ানক’ স্তৰৰ ভিতৰত পৰে।

Delhi pollution I
দীপাৱলীৰ নিৰ্দেশনাক ভেঙুটালি, আতচবাজীৰ ধোঁৱাত শ্বাসৰুদ্ধকৰ ৰাজধানীৰ বায়ু:

তদুপৰি ৰাজধানীৰ অন্যান্য গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ বায়ুৰ গুণাগুণো ‘অতি বেয়া’ স্তৰত আছিল। দিন ১.৩০ বজাত ৰাজীৱ চকত একিউআই ৩৮১ আৰু পুৱা ৪ বজাত দক্ষিণ সম্প্ৰসাৰণৰ কাষৰীয়া অঞ্চলৰ একিউআই ৩৬০ ৰেকৰ্ড কৰা হয়। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দিল্লী আৰু সংলগ্ন ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ) ইতিমধ্যে তৃতীয় পৰ্যায়ৰ প্ৰদূষণ নিয়ন্ত্ৰণ ব্যৱস্থা বা ‘GRAP-3’ (Graded Response Action Plan)ৰ অধীনত আছে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ মতে ০-৫০ একিউআই ‘ভাল’, ৫১-১০০ ‘সন্তোষজনক’, ১০১-২০০ ‘মধ্যমীয়া’, ২০১-৩০০ ‘বেয়া’, ৩০১-৪০০ ‘অতি বেয়া’ আৰু যদি ৪০০ তকৈ অধিক হয় তেন্তে ইয়াক ‘ভয়ানক’ বুলি গণ্য কৰা হয়। ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে দীপাৱলীৰ বাবে অনুমোদিত সেউজীয়া ফটকা নিৰ্মাণ, বিক্ৰী আৰু ফুটাবলৈ চৰ্তসাপেক্ষ অনুমতি দিছিল যদিও নিশা ১০ বজাৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল। শীর্ষ আদালতে ৯ নৱেম্বৰৰ পৰা ফটকা সম্পূর্ণ নিষিদ্ধ কৰাৰ নির্দেশো দিয়ে৷ উৎসৱৰ পূর্বে দিল্লী চৰকাৰেও নাগৰিকসকলক আদালতৰ নির্দেশ মানি চলিবলৈ আবেদন জনাইছিল৷ কিন্তু বাস্তৱত দেওবাৰে নিশা ১০ বজাৰ সময়সীমাৰ পাছতো ৰাজধানীত দীৰ্ঘসময় ধৰি ফটকা ফুটোৱা হৈছিল।

চৰকাৰী পৰিসংখ্যা অনুসৰি, এই নিয়ম উলংঘাৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তত বায়ু প্ৰদূষণৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাই (WHO) নিৰ্ধাৰণ কৰা নিৰাপদ সীমাৰ ৫০ গুণতকৈও অধিকলৈ বৃদ্ধি পালে। দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ তথ্য অনুসৰি, দেওবাৰে নিশা ১১ বজাৰ ভিতৰত অক্ষৰধাম অঞ্চলৰ বায়ুত মিহি ধূলিৰ কণা বা ‘পিএম ২.৫’ৰ মাত্ৰা ৭৬০.৯৯ মাইক্ৰ’গ্ৰাম প্ৰতি ঘনমিটাৰত উপনীত হয়। কিন্তু বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ড অনুসৰি ২৪ ঘণ্টাত বতাহত পিএম ২.৫ৰ সৰ্বোচ্চ অনুমোদিত সীমা প্ৰতি ঘনমিটাৰত মাত্ৰ ১৫ মাইক্ৰ’গ্ৰামহে। অৰ্থাৎ দেওবাৰে নিশা অক্ষৰধামৰ বায়ু প্ৰদূষণৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰাপদ সীমাতকৈ প্ৰায় ৫০.৭৩ গুণ বেছি আছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আতচবাজীৰ ধোঁৱাতদীপাৱলীৰ নিৰ্দেশনাক ভেঙুটালিশ্বাসৰুদ্ধকৰ ৰাজধানীৰ বায়ু
Share4Tweet3Send

Related Posts

Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ
National-International

Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ

by News Desk
November 10, 2026
50
UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ
National-International

UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ

by News Desk
November 10, 2026
50
Indian Railway । ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নতুন অভিলেখ, ভঙা-ছিঙা সামগ্ৰী বিক্ৰী কৰি এমাহত ৬২৮ কোটি উপাৰ্জন
National-International

Indian Railway । ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নতুন অভিলেখ, ভঙা-ছিঙা সামগ্ৰী বিক্ৰী কৰি এমাহত ৬২৮ কোটি উপাৰ্জন

by News Desk
November 10, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol controversy I ই-২০ পেট্ৰ’ল বিতৰ্ক, কৰ্ণাটকৰ পিছত এইবাৰ কেৰালাম চৰকাৰৰ নমুনা সংগ্ৰহ

by News Desk
November 10, 2026
50
Chandrababu Naidu I দুৰ্নীতি ৰোধ কৰিবলৈ ৫০০-২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ দাবী চন্দ্ৰবাবু নাইডুৰ
National-International

Chandrababu Naidu I দুৰ্নীতি ৰোধ কৰিবলৈ ৫০০-২০০০ টকীয়া নোট প্ৰত্যাহাৰৰ দাবী চন্দ্ৰবাবু নাইডুৰ

by News Desk
November 10, 2026
50
Delhi pollution I দীপাৱলীৰ নিৰ্দেশনাক ভেঙুটালি, আতচবাজীৰ ধোঁৱাত শ্বাসৰুদ্ধকৰ ৰাজধানীৰ বায়ু
National-International

Delhi pollution I দিল্লীত এতিয়া বতাহত বিষ, ৰাষ্ট্ৰীয় গুণমানৰ ৬০ গুণ

by News Desk
November 10, 2026
50
ADVERTISEMENT
Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ
National-International

Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ

November 10, 2026
50
UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ
National-International

UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ

November 10, 2026
50
Indian Railway । ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নতুন অভিলেখ, ভঙা-ছিঙা সামগ্ৰী বিক্ৰী কৰি এমাহত ৬২৮ কোটি উপাৰ্জন
National-International

Indian Railway । ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নতুন অভিলেখ, ভঙা-ছিঙা সামগ্ৰী বিক্ৰী কৰি এমাহত ৬২৮ কোটি উপাৰ্জন

November 10, 2026
50
E20 Petrol : পেট্ৰ’লত ইথানল মিশ্ৰণ ২০ শতাংশলৈ বৃদ্ধি মোডীৰ চৰকাৰৰ : ভাল নে বেয়া সেয়া এতিয়াও জানিব পৰা নাই
National-International

E20 Petrol controversy I ই-২০ পেট্ৰ’ল বিতৰ্ক, কৰ্ণাটকৰ পিছত এইবাৰ কেৰালাম চৰকাৰৰ নমুনা সংগ্ৰহ

November 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ

Sonia Gandhi Memoir I ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী পদ কিয় প্ৰত্যাখ্যান কৰিছিল? আত্মজীৱনীত উল্লেখ

November 10, 2026
UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ

UP SIR I উত্তৰ প্ৰদেশত ভোটাৰ তালিকাৰ পৰা বাদ পৰিল ১.২৭ কোটি হিন্দুৰ নাম, পুনৰ সৰৱ যোগী আদিত্যনাথ

November 10, 2026
Indian Railway । ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নতুন অভিলেখ, ভঙা-ছিঙা সামগ্ৰী বিক্ৰী কৰি এমাহত ৬২৮ কোটি উপাৰ্জন

Indian Railway । ভাৰতীয় ৰে’লৱেৰ ইতিহাসত নতুন অভিলেখ, ভঙা-ছিঙা সামগ্ৰী বিক্ৰী কৰি এমাহত ৬২৮ কোটি উপাৰ্জন

November 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d