২০২৪ বৰ্ষৰ প্ৰথম দিনটোত গুৱাহাটীবাসীলৈ এক উপহাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্ধিত প্ৰদূষণ ৰোধ আৰু জনসাধাৰণৰ যাতায়াত ব্যৱস্থা সুগম কৰাৰ বাবে গুৱাহাটীত শেহতীয়াকৈ সংযোজন কৰা হৈছে ‘গ্ৰীণ বাছ’ সেৱা ( ‘Green Bus’ service in Guwahati)। এই সেৱা ১ জানুৱাৰীত ফ্লেগ অফ (Chief Minister Himanta Biswa Sarma flagged off) কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰীয়ে।
এই বাছসেৱাৰ শুভাৰম্ভণিৰ বাবে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “জনসাধাৰণৰ বাবে বহনক্ষম ৰাজহুৱা পৰিবহণ ব্যৱস্থা উপলভ্য কৰাৰ লগতে প্ৰদূষণমুক্ত পৰিৱেশ গঢ়াৰ দিশত এয়া হৈছে আমাৰ চৰকাৰৰ এটি আশাশুধীয়া প্ৰয়াস। নৱবৰ্ষৰ প্ৰথম পুৱা গুৱাহাটীত ২০০খন এচি বৈদ্যুতিক বাছ (200 AC electric buses) ৰাইজৰ সেৱাত উৎসৰ্গা কৰি অতিকৈ আনন্দিত হৈছোঁ। এই বাছসমূহে গুৱাহাটী মহানগৰজুৰি ৰাইজক যাতায়াত সেৱা আগবঢ়াব।”
তেওঁ লগতে কয়, “আমাৰ চৰকাৰৰ লক্ষ্য হৈছে ২০২৫ বৰ্ষৰ ভিতৰত ৰাজধানীত যোগাযোগ ব্যৱস্থাৰ মান উন্নীতকৰণ আৰু ১০০% সেউজ পৰিবহণ সেৱা সুনিশ্চিত কৰা।”
উল্লেখযোগ্য যে বিগত নৱবৰ্ষত ১০০খন চিএনজি বাছ মুকলি কৰা হৈছিল। আনহাতে, ২৬১ কোটি টকা ব্যয়েৰে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে এই আঁচনি ৰূপায়ণ কৰিছে। এই বাছ সেৱা গুৱাহাটীৰ উপৰি ইয়াৰ উপকন্ঠ অঞ্চলতো উপলব্ধ হ’ব। এই বাছসমূহ গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ১৩টা পথত চলিব। জাগীৰোড, চন্দ্ৰপুৰ, ধাৰাপুৰ আৰু বাইহাটা চাৰিআলিলৈকে এই বাছসেৱা প্ৰবৰ্তনৰ লক্ষ্য লোৱা হৈছে।