![]()
সমগ্ৰ ৰাজ্যৰ লগত সংগতি ৰাখি ডিফুত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ বৃহতৰ স্বাৰ্থৰ খাতিৰত অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ এজেৱাইচিপিয়ে তিনিঘণ্টী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷

এজেৱাইচিপিৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে, দ্বীপন ভড়ালী আৰু অপূৰ্ব দাসৰ নেতৃত্বত ডিফুৰ ছেমছনছিং ইংতি সোঁৱৰণি উদ্যানত ৰূপায়ন কৰা ধৰ্ণাত প্ৰতিবাদ কাৰী সকলে, ‘কা’ আমি নামানো, ‘কা’ বাতিল কৰক, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰক আৰু এজেৱাইচিপি জিন্দাবাদ আদি শ্ল’গানেৰ প্ৰতিবাদস্থলী উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এজেৱাইচিপিৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক জিতু ফুকনে কয়যে, এজেৱাইচিপিয়ে জাতিধ্বংসী আইন কোনো পধ্যেই মানি নলয় ৷ ঐতিহাসিক অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু-মুছলিম কোনো বিদেশীকেই গ্ৰহণ কৰিব নোৱাৰে বুলি কয় ৷ চৰকাৰে শীঘ্ৰে এই ক’লা আইন বাতিল কৰিব লাগে বুলি দাবী জনায়৷
লগতে উত্তৰ পূৰ্বাঞ্চলৰ অনান্য ৰাজ্যৰ দৰে খিলঞ্জীয়া ভূমিপুত্ৰৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিব লাগে বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ ইয়াৰোপৰি নেতা গৰাকীয়ে কয়যে এজেৱাইচিপিয়ে তেওঁলোকৰ দাবীৰ সমৰ্থনত জিলা আয়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ দাবী সম্বলিত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷













