![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
নৱপ্ৰজন্মৰ হাৰ্টথ শিল্পী জুবিন গাৰ্গলৈ ২০২১বৰ্ষ চুকাফা বঁটা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শিল্পী গৰাকীক প্ৰদান কৰিব এই বঁটা।বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সোণাৰীত সংগঠনটোৱে কেন্দ্ৰীয়ভাৱে আয়োজিত চুকাফা দিৱসত ঘোষণা কৰে এই বঁটা।উল্লেখ্য জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই শিল্পী জুবিনৰ নাম এই বঁটা বাবে ঘোষণা কৰে।প্ৰথমবাৰলৈ বৰ অসমৰ ভেঁটি নিৰ্মাতাৰ চুকাফা সোঁৱৰণত সংগঠনটোৱে প্ৰদান কৰিব এই বঁটা।গুৱাহাটীত শিল্পী জুবিন গাৰ্গক প্ৰদান কৰিব এই বঁটা।
ইফালে বৃহস্পতিবাৰে সংগঠনটো চুকাফা দিৱসৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত শিল্পী জুবিন গাৰ্গ, মানস ৰবীন প্ৰমুখ্যে বহুকেইগৰাকী ৰাজ্য কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰে।













