ASSAM TIMES POST
নগাঁওঃ আছু ‘ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি সদৌ নগাঁও জিলা ছাত্র সন্থাই ৩০টা জনগোষ্ঠীয় সংগঠনৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ‘ৰণশিঙা’ কাৰ্যসূচী পালন কৰে।
এই কাৰ্যসূচীত নগাঁও বাঙালী সন্মিলনীকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ক্লাব, সংঘ আৰু নগাওঁবাসীয়ে সহযোগ কৰে।নগাঁও চহৰৰ ডিমৰুগুৰিৰ আমতল খেলপথাৰত অনুষ্ঠিত ৰণশিঙা কাৰ্যসূচীত কাঁহ, তাল, নাগাৰা, ঢোল,খোল,ডবা, শংখ,বাঁহী, পেঁপা,ঢাক আদি বজাই জাতিধ্বংসী নাগৰিকত্ব আইন খন বাতিলৰ দাবী জনায়।
ৰণশিঙা কাৰ্যসূচীত অংশগ্ৰহণ কৰা আই মাতৃ সকলে ‘কেব ‘ৰ পৰা হ’ল কা কা কা,সৰ্বানন্দৰ বহুৱালি চা,চা’ আদি নাম গাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াৰ লগতে অনিতা বৰকাকতী,ৰিংকু দত্ত শইকীয়া, মানু শইকীয়া,সাংবাদিক চন্দনজ্যোতি বৰা আদিয়ে ভাষণ দিয়ে। ৰণশিঙা কাৰ্যসূচীৰ আঁত ধৰে সদৌ নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া আৰু সম্পাদক অমৰজ্যোতি ফুকনে।













