
বৃহস্পতিবাৰে দিনৰ ২ মান বজাত ডিফুস্থিত ডিফু ক্লাৱত (At Diphu Club) ইচকন কাৰবি আংলং জিলা সমিতিৰ গোৰৱোজ্জল ৰূপালী জয়ন্তী (Silver Jubilee of Iskcon Karbi Anglong District Committee) বৰ্ষটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৷ এই উপলক্ষে কাৰবি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষ্ণ ভক্ত সকলে ৰূপালী জয়ন্তী বৰ্ষ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ভগৱান শ্ৰী কৃষ্ণৰ ওপৰত হোৱা প্ৰশংসা আৰু বক্তব্য শুনি ৷

কাৰ্যসূচী অনুসৰি ডিফু ক্লাৱত বন্তি প্ৰজলনৰ পিছত পৱিত্ৰ গীতা পাঠ, মুকলি সভা অনুষ্ঠিত হয় ৷ অনাদিৰা তেৰাঙ আৰু হেম্ফু ইংতিয়ে পৌৰোহিত্য কৰা মুকলি সভাৰ শোভা বৰ্ধন কৰে নৱ কিশোৰ দাস, মহাৰাষ্ট্ৰৰ বিপি স্বামী, জ্যেষ্ঠ ভক্ত, ইচকন কাৰবি আংলং জিলা সমিতিৰ প্ৰতিষ্ঠাপক বাবু ৰংপি প্ৰাক্তন এমএচি চন্দ্ৰছিং ৰংহাঙ সভাপতিত্ব আনাদিৰা তেৰাঙ, হেম্ফু ইংতি৷ সন্ধিয়াৰ ভাগত ডিফু চহৰত বন্তি প্ৰজলনেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰিব বুলি জানিব পৰা গৈছে ৷












