ASSAM TIMES POST
ডিফুঃ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস আজি উলহ মালহেৰে ডিফু সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ কাৰ্যাললয় ‘ৰাংছিনা ভৱন’ত আয়োজন কৰা হয়৷ তদুপলক্ষে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ডিফু সাহিত্য সভাৰ সভাপতি উদ্ধৱ চন্দ্ৰ মহন্তই৷

স্মৃতি তৰ্পণ কৰে ড° ভূপেন হাজৰিকা সংহতি বঁটা প্ৰাপক তথা ৰাংছিনা ভৱনৰ অৱৰোক্ষণ সমিতিৰ প্ৰাক্তন সভাপতি লুঞ্চে টিমুঙে৷ উপস্থিত সকলোৱে “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন শিল্পীৰ দেশপ্ৰেমমূলক গীত আৰু কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷














