কটন বিশ্ববিদ্যালয়ত অঘটন (Incident at Cotton University)। বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন (Administrative Building)ৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়ালে (Jumped from the second floor) উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী (HS First-year student) এগৰাকীয়ে।
আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকী বৰ্তমান নেমকেয়াৰ হস্পিতালত চিকিৎসাৰত। গোৱালপাৰাৰ নিবাসী এই ছাত্ৰীগৰাকী দুমাহ ধৰি মানসিক ছাপত ভুগি আছিল। আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰীগৰাকীয়ে লিখা এটা নোট উদ্ধাৰ কৰিছে।