আয়কৰ বিভাগে বৃহস্পতিবাৰে ৰাজ্যৰ কেইবাটাও স্থানত অভিযান (Income Tax department raids at several places in the state) চলায়। ইয়াৰে ভিতৰত আছে গুৱাহাটীৰো তিনিটা স্থান (Guwahati also has three places)। মহানগৰীৰ এই তিনি স্থানত বৃহস্পতিবাৰে পুৱাৰে পৰা আয়কৰ বিভাগে অভিযান চলায়। গুৱাহাটীত ব্যৱসায়ী কৈলাস কাব্ৰা (Kailash Kabra), ৰোহিত দাউৰা (Rohit Daura) আৰু বিজয় যাছৰাছাৰীয়াৰ (Vijay Jasariya) বাসহগৃৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানত আয়কৰ বিভাগে অভিযান চলায়।
উল্লেখ্য যে ৰাজ্যৰ এগৰাকী প্ৰতিষ্ঠিত মিঠাতেল ব্যৱসায়ী হৈছে কৈলাশ কাব্ৰা। আনহাতে, গুৱাহাটী চেন্ট্ৰেল মলৰ স্বত্বাধিকাৰী হৈছে ৰোহিত দাউৰা। ইফালে হোটেল আৰু সুৰাৰ ব্যৱসায় আছে বিজয় যাছৰাছাৰীয়াৰ। জানিব পৰা মতে, এই তিনিওগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে বৃহৎ কৰফাঁকিৰ অভিযোগ উত্থাপন হৈছে।
ব্যৱসায়ী বিজয় যাছৰাছাৰীয়াৰ গুৱাহাটী মহানগৰীস্থিত এবিচিৰ বাসগৃহত পুৱা প্ৰায় ৫.৩০ বজাৰ পৰা আয়কৰ বিভাগে অভিযান চলায়। এই অভিযানত বিজয় যাছৰাছাৰীয়াৰ সুৰা বণ্ডৰ তথ্যত বহু খেলিমেলি পোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰি বিজয় যাছৰাছাৰীয়াৰ বেলতলাস্থিত অটোমোবাইল এজেন্সী আৰু শ্বিলংস্থিত হোটেলতো আয়কৰ বিভাগে অভিযান চলায়।
আনহাতে, কৈলাস কাব্ৰাৰ মাছখোৱাৰ কমাৰপট্টিস্থিত বাসগৃহৰ উপৰি গেলাপট্টিস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানত পুৱা ৭ বজাৰ পৰা আয়কৰ বিভাগে অভিযান চলায় । ইফালে ৰোহিত দাউৰাৰ জুৰোডৰ স্পেনিচ গাৰ্ডেনত থকা বাসগৃহৰ লগতে তিনিটাকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায় আয়কৰ বিভাগে। অৱশ্যে আয়কৰ বিভাগে এই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য সদৰী কৰা নাই।