
ভাৰতৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ (ODI and T20 series) পৰা টেম্বা বাভুমাক বাদ (Temba Bavuma’s rest) দিয়া হৈছে। তেওঁৰ ঠাইত দক্ষিণ আফ্ৰিকাক নেতৃত্ব দিব আইডেন মাৰ্কৰামে (Aiden Markram to lead South Africa)। বিশ্বকাপত ব্যৰ্থ হোৱাৰ শাস্তি হিচাপে দক্ষিণ আফ্ৰিকাৰ ব’ৰ্ডে বাভুমাক জিৰণি দিয়াৰ সিদ্ধান্ত লয়। এদিনীয়া বিশ্বকাপত তেওঁৰ নেতৃত্ব আৰু প্ৰদৰ্শন দুয়োটাতে ব’র্ডৰ বিষয়াসকল সুখী নাছিল।বিশ্বকাপৰ এখন মেচতো তেওঁ বেটেৰে সফলতা লাভ কৰিব নোৱাৰিলে। ইনিংছ মুকলি কৰাৰ পিছত ৮খন মেচত গড়ে ১৮.১২ ৰান। সৰ্বোচ্চ ৰান ৩৫।

নেতৃত্বও সমানেই হতাশাজনক। তেওঁৰ বিষয়ে যে প্ৰশ্ন উত্থাপন হ’ব সেয়া সকলোৰে জ্ঞাত আছিল। অৱশ্যে প্ৰত্যক্ষ নেতৃত্বৰ পৰা আঁতৰাই নিদিয়াকৈয়ে বাভুমাক জিৰণি দিয়া হৈছে। ভাৰতৰ বিৰুদ্ধে বগা বলৰ শৃংখলাত অধিনায়ক হিচাপে থাকিব মাৰ্কৰাম। অৱশ্যে ভাৰতৰ বিৰুদ্ধে টেষ্ট মেচ দুখনত বাভুমাই অগ্ৰাধিকাৰ লাভ কৰিব। কাগিছ’ ৰাবাদাকো এদিনীয়া শৃংখলা আৰু টি-২০ শৃংখলাৰ বাবে জিৰণি দিয়া হয়। তেওঁ টেষ্টত খেলিব।

আনহাতে, এদিনীয়া শৃংখলাত জেৰাল্ড ক’টজি, লুংগি এনগিৰি আৰু মাৰ্কো জান্সেনে অংশগ্ৰহণ নকৰে। কুইণ্টন ডি ককে বিশ্বকাপৰ পাছত এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱশ্যে টি-২০ত খেলি থাকিব। কিন্তু ভাৰতৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত নাই ডি কক। অষ্ট্ৰেলিয়াত বিগ বেছ খেলিব প্ৰটিয়াৰ উইকেটকীপাৰ বেটছমেনগৰাকীয়ে। ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ আৰম্ভণি হ’ব ১০ ডিচেম্বৰত টি-২০ শৃংখলাৰ জৰিয়তে।













