ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে (Vladimir Putin) দেশৰ প্ৰতিগৰাকী মহিলাক ৮টা বা তাতকৈ অধিক সন্তান জন্ম দিবলৈ আহ্বান জনাইছে। তেওঁ ‘বৃহৎ পৰিয়াল আদৰ্শ পৰিয়াল’ নীতি ৰূপায়ণৰ আহ্বান জনায়। মঙলবাৰে মস্কোত বিশ্ব ৰাছিয়ান পিপ’লছ কাউন্সিলত ভিডিঅ’ লিংকৰ জৰিয়তে সম্বোধন কৰি পুটিনে এই মন্তব্য কৰে।

ৰাছিয়াৰ জন্মৰ হাৰ নব্বৈৰ দশকৰ পৰা হ্ৰাস পাই আহিছে আৰু যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা দেশখনত ৩ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে বুলি ৰাছিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
এই পৰিস্থিতিত পুটিনে কয়, “আগন্তুক দশকত আমাৰ লক্ষ্য হ’ব ৰাছিয়াৰ জনসংখ্যা বৃদ্ধি কৰা। আমাৰ বহু জনগোষ্ঠীয়ে চাৰি, পাঁচ বা তাতকৈ অধিক সন্তান থকা শক্তিশালী বহু প্ৰজন্মৰ পৰিয়ালৰ পৰম্পৰা ৰক্ষা কৰি ৰাখিছে। মনত ৰাখিব, আমাৰ বহু ককা-আইতাৰ সাত, আঠ বা তাতোকৈ অধিক সন্তান আছিল।” তেওঁ লগতে কয়, “আহক আমি এই চমৎকাৰ পৰম্পৰাবোৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰোঁ। বৃহৎ পৰিয়ালবোৰেই নিয়ম হৈ পৰিব লাগিব। ৰাছিয়ানসকলৰ বাবে ই এক জীৱনশৈলী।
পৰিয়ালটো কেৱল ৰাষ্ট্ৰ আৰু সমাজৰ ভেটি নহয়, ই এক আধ্যাত্মিক পৰিঘটনা, নৈতিকতাৰ উৎস।” তেওঁৰ এই বক্তব্য ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হয়। ৰাছিয়াৰ অৰ্থডক্স গীৰ্জাৰ মুৰব্বী পেট্ৰিয়াৰ্ক কিৰিলে আয়োজন কৰা এই সন্মিলনত ৰাছিয়াৰ কেইবাটাও পৰম্পৰাগত সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।