![]()
ফাঁচীবজাৰ-(Fancy bazar) কেৱল গুৱাহাটীয়েই নহয়, সমগ্ৰ অসমৰ ব্যৱসায়িক হৃদপিণ্ড । অসম বুলি ক’লেও হয়তো ভুল কোৱা হ’ব, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰেই ব্যৱসায়িক কেন্দ্ৰ এই ফাঁচীবজাৰ । ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত শতিকা গৰকা ৰাজ্যৰ অন্যতম ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰ এতিয়া ইতিহাসৰ পৃষ্ঠাত আবদ্ধ হ’বলৈ আগবাঢ়িছে । কিয়নো অচিৰেই এই ঐতিহাসিক ফাঁচীবজাৰৰ আমোদজনক ব্যৱসায় এতিয়া স্থানান্তৰ হোৱাৰ দিশে ।
শেহতীয়াকৈ জিএমডিএয়ে ফাঁচীবজাৰৰ পাইকাৰী বজাৰ উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ কৰিব ওলোৱা বুলি বাতৰি প্ৰকাশ পাইছে । মহানগৰীৰ ক্ৰমবৰ্ধমান জনসংখ্যা আৰু যান-বাহনৰ ভিৰৰ অজুহাতত এইখন ঐতিহাসিক বজাৰ এতিয়া উত্তৰ গুৱাহাটী নতুবা চাংসাৰিলৈ স্থানান্তৰৰ বাবে সাজু হৈছে গুৱাহাটী মহানগৰ কৰ্তৃপক্ষ ।কাৰণ হিচাপে দেখুওৱা হৈছে যান-জঁটৰ সমস্যা ।
ইখনৰ পিছত সিখনকৈ উৰণ সেতু নিৰ্মাণ কৰিও গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যা লাঘৱ কৰিব পৰা নাই ৰাজ্য চৰকাৰৰ তথা গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই । তেনে ক্ষেত্ৰত এইবাৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক ক্ষেত্ৰকেই স্থানান্তৰৰ যো-জা চলাইছে । ইয়াৰ বাবে জিএমডিএ কৰ্তৃপক্ষই মাষ্টাৰ প্লেন যুগুত কৰা বুলিও জানিব পৰা গৈছে ।
ভৰলু-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং নিৰ্মাণৰ বাবে অঞ্চলটোত হোৱা যান-জঁটৰ সমস্যা সমাধান কৰিবলৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে । এই ক্ষেত্ৰত অৱশ্যে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰত্যক্ষভাৱে কোনো মন্তব্য লাভ কৰা হোৱা নাই । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ বা সন্মতি অবিহনে যে এনে এটা ডাঙৰ সিদ্ধান্তলৈ আগবাঢ়িব পৰা নাযায় সেইটোও সকলোৰে জ্ঞাত ।
লগতে মুখ্যমন্ত্ৰীৰ সমষ্টিলৈ ফাঁচীবজাৰৰ পাইকাৰী ব্যৱসায় স্থানান্তৰৰ বিষয়টোত একাংশই ৰহস্যৰ গোন্ধ পাইছে । ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলে এই পৰিকল্পনাৰ কথা অকপটে স্বীকাৰো কৰিছে । তেনে ক্ষেত্ৰত ঐতিহ্যমণ্ডিত ফাঁচীবজাৰৰ পৰা পাইকাৰী ব্যৱসায় উত্তৰ গুৱাহাটীলৈ যে স্থানান্তৰ হ’বলৈ আগবাঢ়িছে সেইটো সহজেই অনুমেয় ।
কিন্তু কেৱল যান-জঁটৰ সমস্যাৰ বাবেই ফাঁচীবজাৰৰ শতিকা পুৰণি পাইকাৰী ব্যৱসায় স্থানান্তৰ হ’বনে ? এই ক্ষেত্ৰত অৱশ্যে মহানগৰ কৰ্তৃপক্ষই কেইটামান যুক্তি দাঙি ধৰিছে । সেইকেইটাৰ আংশিক সত্যতাও নথকা নহয় । প্ৰথম যুক্তি হৈছে ফাঁচীবজাৰৰ বহু অট্টালিকা যথেষ্ট পুৰণি । সেইবোৰৰ আয়ুসকাল কেতিয়াবাই অন্ত পৰিছে । সেয়ে যিকোনে ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে উক্ত অট্টালিকাবোৰ মেৰামতি বা নতুনকৈ নিৰ্মাণৰ প্ৰয়োজন ।
আনহাতে, বৰ্তমান ক্ৰমবৰ্ধিত গ্ৰাহকৰ বাবে ফাঁচীবজাৰত পাৰ্কিঙকে ধৰি সামগ্ৰী উঠা-নমোৱা কৰা গাড়ী আদিৰ বাবে স্থানৰ অভাৱ হৈছে । ক্ৰেতা-বিক্ৰেতাৰ অত্যধিক আগমনৰ বাবে ঠাইখন যথেষ্ট সংকীৰ্ণ হৈ পৰিছে । সেয়ে তীব্ৰ যান-জঁটৰ সমস্যাই দেখা দিছে । ইয়াৰ উপৰি দুৰ্ঘটনাজনিত কাৰণৰ বাবে সুৰক্ষা ব্যৱস্থাও পৰ্যাপ্ত পৰিমাণে নাই । যাৰ বাবে জিএমডিএয়ে বজাৰখন স্থানান্তৰৰ পৰিকল্পনা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে ।
কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে আৰু মাত্ৰ এটামান বছৰৰ পিছতে ভৰলু-উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব । কিন্তু ইমান ব্যয়বহুল এখন দলং নিৰ্মাণৰ পিছত দলংখনেৰে যাতায়াত কিমান হ’ব তাকলৈও প্ৰশ্নৰ উত্থাপন হৈছে । সেয়ে ফাঁচীবজাৰৰ পাইকাৰী ব্যৱসায় উত্তৰ গুৱাহাটী বা চাংসাৰিলৈ স্থানান্তৰ কৰিলে বৃদ্ধি পাব দলংখনেৰে যাতায়াত । ইয়াৰ দ্বাৰা চৰকাৰৰো ৰাজহ সংগ্ৰহ বৃদ্ধি হ’ব । কিয়নো দলংখনেৰে যাতায়াত কৰিলে ভৰিব লাগিব টোল ।
কিন্তু ইমানৰ মাজতো এটা কথা উত্থাপন হৈছে যে ফাঁচীবজাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীসকলে এই সিদ্ধান্ত কেনেদৰে গ্ৰহণ কৰিব । তেওঁলোকৰ প্ৰতিষ্ঠিত ব্যৱসায়িক স্থান এৰি অন্য স্থানলৈ যাবনে ? নে ইয়াৰ আঁৰত আন কিবা অভিসন্ধি আছে চৰকাৰৰ ? এই মুহূৰ্তত সকলোৰে মাজত এই বিষয়টোৱেই চৰ্চিত হৈ আছে । অৱশ্যে পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব এই পৰিকল্পনা কিমান দূৰ কাৰ্যকৰী হ’ব ।














