
ৰাইজৰ তীব্ৰ আপত্তি, দল-সংগঠনৰ বিৰোধিতাক নেওচি আৰম্ভ হ’ল অসমৰ আটাইতকৈ দীঘল দীঘলীপুখুৰী-বামুণীমৈদাম উৰণ সেতুৰ (New Bridge) নিৰ্মাণকাৰ্য। দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

আনহাতে, এই উৰণ সেতুখনৰ নিৰ্মাণকাৰ্য ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। এই আন্তঃগাঁথনি উন্নয়নৰ সফল বাস্তৱায়নৰ বাবে ৰাইজৰ সহায়ৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, “ইয়াৰ নিৰ্মাণৰ সময়ত সকলোকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিছো। ২০২৬ চনৰ ভিতৰত এই গুৰুত্বপূৰ্ণ প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ আমি লক্ষ্য ৰাখিছো।”
উল্লেখযোগ্য যে গুৱাহাটীৰ চিৰিয়াখানা পথৰ ওপৰৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুখন যোৱা ১৮ অক্টোবৰত মহাপঞ্চমীৰ দিনা শুভ উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰীয়ে। তাৰ পিছত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে চানমাৰি উৰণ সেতু।
আনহাতে, বিগত ৩০ আগষ্টত বৰ্তমানলৈকে সৰ্বাধিক দৈৰ্ঘ্যৰ মালিগাঁৱৰ ‘নীলাচল উৰণ সেতু’ উদ্বোধন কৰা হয়।
ইয়াৰ পূৰ্বে ২০২২ চনৰ অক্টোবৰ মাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আৰ্য নগৰ উৰণ সেতু উদ্বোধন কৰে।













