ASSAM TIMES POST
পশ্চিম কৰ্বিআংলংঃ বৈঠালাংছ’ত এজাক কণমানিয়ে প্ৰতিবাদী কন্ঠৰে সাব্যস্ত কৰিলে C(A)A বিৰোধী তীব্ৰ প্ৰতিবাদ । বজ্ৰ কন্ঠৰে প্ৰতিধ্বনিত হ’ল “জয় আই অসম” ধ্বনি।
অভিনয়ৰ জড়িয়তে সাব্যস্ত কৰিলে এই প্ৰতিবাদ ।ৰাষ্ট্ৰসংঘৰ ইউনিচেফ আৰু উত্তৰ পূৱ ভাৰত লোকসংস্কৃতি গৱেষণা কেন্দ্ৰ “আৰ্হি”ৰ উদ্যোগত মঙ্গলবাৰে পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ ত গ্ৰাম্যাঞ্চলত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় উত্তৰ পূৱ ভাৰতৰ লুপ্তপ্ৰায় খিলঞ্জীয়া ভাষাৰ বোলছবি মহোৎসৱ। মহোৎসৱত ৪খন বোলছবি প্ৰদৰ্শন কৰাৰ লগতে দুখন শিশু নাটিকা আৰু এখনি নৃত্যনাটিকা মঞ্চস্থ কৰা হয়।

কাৰ্বি ছবি “ৱ’ছ’বিপ’ ” মৰাণ ভাষাৰ ছবি “হান্দুক” ত্ৰিপুৰাৰ কৰক বৰক ভাষাৰ ছবি “Kwtham Kothoma” আৰু চিক্কিমৰ লেপছা ভাষাৰ বোলছবি “Dhokbu” প্ৰদৰ্শন কৰা হয়। স্মতব্য যে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদন মতে বিশ্বত প্ৰতিমাহে দুটাকৈ খিলঞ্জীয়া ভাষাৰ মৃত্যু হৈছে। ভাষা সংস্কৃতিৰ ৰক্ষাৰ বাবে ইউনিচেফে এই পদক্ষেপ গ্ৰহণ কৰিছে।

অনাগত ১০ বছৰৰ বাবে ৰাষ্ট্ৰসংঘই বিশ্বৰ খিলঞ্জীয়া ভাষা উদ্ধাৰৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অনুস্থানত নিজৰ ভাষা সংস্কৃতি ৰক্ষা আৰু “কা” বিৰোধী পদক্ষেপ লৈ স্থানীয় মুন কুমাৰ ডেকাৰ দ্বাৰা ৰচিত আৰু কুমুদ নাথৰ পৰিচালনাত “অ’ মোৰ আপোনাৰ দেশ” আৰু পল ভূঞাৰ দ্বাৰা লিখিত তথা পৰিচালিত “এয়া কাৰ মানুহ ” নামৰ দুখন প্ৰতিবাদী নাট মঞ্চস্থ কৰে কণমানি শিশু সকলে ।বৈঠালাংছ’ৰ এই কণ কণ শিশু সকলেও এইদৰে বলীষ্ঠ কণ্ঠেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।












