
ইংলেণ্ডৰ ফুটবল তাৰকা ডেভিদ বেকহামৰ (David Backham) ভাৰত ভ্ৰমণক লৈ বলীউডৰ তাৰকাসকলো উৎসাহিত হৈ পৰে। ইউনিচেফৰ ৰাষ্ট্ৰদূত হিচাপে ভাৰতলৈ আহিছিল তেওঁ। গুজৰাটত ইউনিচেফত কাম কৰি বেকহাম মুম্বাইলৈ যায়। সেইদিনা তেওঁ ৱাংখেড়েত ভাৰত আৰু নিউজিলেণ্ডৰ মেচখন উপভোগ কৰে।
মেচখনৰ পিছত বেকহামে তাৰকাৰে ভৰ্তি বলীউড পাৰ্টিত যোগদান কৰে। বলীউডৰ অভিনেত্ৰী চোনম কাপুৰ আৰু তেওঁৰ উদ্যোগপতি স্বামী আনন্দ আহুজাই মুম্বাইত থকা তেওঁলোকৰ ঘৰত ফুটবল তাৰকাগৰাকীৰ বাবে পাৰ্টি ৰাখে। এই পাৰ্টিত বলীউডৰ কেইবাগৰাকীও তাৰকা উপস্থিত থাকে।

উক্ত তালিকাত আছিল অৰ্জুন কাপুৰ, মালাইকা অৰোৰা, কৰিশ্মা কাপুৰৰ দৰে তাৰকা। পাৰ্টি আৰম্ভ হোৱাৰ পূৰ্বেই বেকহামক আদৰিবলৈ ঘৰৰ পৰা ওলাই আহে চোনম আৰু আনন্দ। কেৱল চোনমৰ ঘৰতে নহয়, বেকহামে মুম্বাইৰ বহু ঠাই ভ্ৰমণ কৰে। শুকুৰবাৰে ঘৰলৈ উভতি যায় বেকহাম। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশা মান্নাতত প্ৰৱেশ কৰে ফুটবল তাৰকাগৰাকীয়ে।
শ্বাহৰুখ খানে বেকহামক পৃথকে নিজৰ ঘৰলৈ আমন্ত্ৰণ জনায়। ফুটবল তাৰকাগৰাকীৰ বাবে কিং খানে ঘৰতে এক বিশেষ পাৰ্টিৰ ব্যৱস্থা কৰে। অৱশ্যে উক্ত পাৰ্টিত কোন উপস্থিত আছিল, কিয় এই পাৰ্টি আয়োজন কৰা হৈছিল সেই বিষয়ে শ্বাহৰুখে সকলো কথা জনসাধাৰণৰ চকুৰ আঁৰত ৰাখিছে। আনহাতে, ছচিয়েল মিডিয়া পেজত ভাইৰেল হৈ পৰিছে চোনম-আনন্দৰ ইনডোৰ পাৰ্টিৰ ছবি। উক্ত পাৰ্টিত বেকহামক আগুৰি ধৰিছিল বলীউডৰ তাৰকাসকলে।
কেতিয়াবা ফুটবল তাৰকাৰ হাতত বগা ফুলৰ মালা দেখা পোৱা গৈছে, কেতিয়াবা আকৌ পানীয়ৰ গিলাচ। কেতিয়াবা কৰিশ্মাই তেওঁক সাৱটি ধৰি ফটো এখন তুলিছে। ইয়াৰ উপৰি ফুটবল তাৰকাগৰাকীক ছাৰা আলী খানৰ সৈতে মুম্বাই মেট্ৰোৰ কাৰ্যালয়তো দেখা গৈছে। মুঠতে বেকহামৰ ভাৰত ভ্ৰমণৰ প্ৰতিটো মুহূৰ্ত আছিল অতি ব্যস্ততাৰে পৰিপূৰ্ণ।









