
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননা কৰি দিল্লীত দেৱালীৰ (Diwali in Delhi) নিশা ফটকা ফুটোৱা হয়। তেতিয়াৰ পৰাই ৰাজধানীত পুনৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি (Pollution levels rise again in capital) পাইছে। বায়ুৰ গুণমান সূচকাংক অনুসৰি সোমবাৰে বায়ুৰ গুণমান যথেষ্ট হ্ৰাস পাইছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে বায়ুৰ গুণমান হ্ৰাস পোৱাৰ বাতৰি প্ৰকাশ কৰিছে যদিও ইয়াৰ পৰিমাণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই। দেওবাৰে সন্ধিয়া আৰু সোমবাৰে পুৱা ধোঁৱাই আৱৰি থকা দেখা যায় দিল্লী।

উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি ৰাজধানীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা। বন্ধ কৰি দিয়া হৈছে বিদ্যালয়সমূহ (School closed)। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দেশৰ শীর্ষ আদালতে দীপাৱলীৰ নিশা ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু কাৰ্যত সেয়া নহ’ল (Ban didn’t work Out)। দেওবাৰে সমগ্ৰ দিল্লীতে জ্বলিল ফটকা।
তেতিয়াৰ পৰাই চাৰিওফালৰ অঞ্চল পুনৰ কুঁৱলীৰে আৱৰি ধৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য অনুসৰি, কেৱল দিল্লীতে নহয়, ফটকাৰ ধোঁৱাৰ ফলত হোৱা প্ৰদূষণৰ মাত্ৰা উত্তৰ প্ৰদেশ, তামিলনাডু, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো জিলাত পোৱা গৈছে।