![]()
জুবিন গাৰ্গৰ স্বাস্থ্যক (Zubin Garg’s Health) চিন্তা কৰিবলগীয়া বিশেষ একো। তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ (health is stable)। অৱশ্যে বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁক স্বাস্থ্য নিৰীক্ষণত ৰখা হৈছে। এই কথা জনাইছে নামকেয়াৰ হস্পিটেলৰ অধ্যক্ষ ডাঃ হিতেশ বৰুৱাই।
উল্লেখযোগ্য যে বুধবাৰে পুৱা ষ্টুডিঅ’ত কাম কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে জুবিন গাৰ্গ। তেওঁ কাম কৰি থকা অৱস্থাতে বাগৰি পৰাত নামকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হয়।

চিকিৎসকে জনোৱা মতে তেওঁ হাত আৰু ভৰিত সামান্য আঘাত পাইছে যদিও সামগ্ৰিক স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।
অৱশ্যে তেওঁক বাৰ ঘণ্টা আইচিইউত ৰাখি তেওঁৰ স্বাস্থ্যৰ পৰ্যবেক্ষণ কৰা হয়। কিন্তু তেওঁৰ স্বাস্থ্যৰ বিশেষ চিন্তা কৰিবলগীয়া একো নাই বুলি জনাইছে চিকিৎসকে। তেওঁৰ ইচিজি, এমআৰআই আদি কৰা হয় যদিও সকলো পৰীক্ষাৰ ফলাফল সুস্থিৰ। অৱশ্যে তেওঁৰ জিৰণিৰ প্ৰয়োজন বুলি চিকিৎসকে লগতে জনাইছে।













