![]()
হিংসা জৰ্জৰিত মণিপুৰৰ দুজন যুৱক দেওবাৰে পুৱাৰে পৰা সন্ধানহীন (Two youths missing in Manipur) হৈ আছে। আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁলোকে এখন বাইকত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তেওঁলোক সোমবাৰে পুৱালৈকে ঘৰলৈ উভতি নহা বাবে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হয়। সন্ধানহীন যুৱক দুজনক ক্ৰমে মাইবাম অবিনাশ আৰু নিংথৌজাম এন্থনী বুলি চিনাক্ত কৰা হৈছে। দুয়োজনেই মণিপুৰৰ ৰাজধানী ইম্ফলৰ লামচাং (Lamsang of Imphal, the capital of Manipur) চহৰৰ বাসিন্দা।
স্থানীয় লোকে দাবী কৰে যে মাইবাম আৰু নিংথৌজামক কোনোবাই অপহৰণ কৰিছে। ইম্ফলৰ কিছু বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আৰক্ষীয়ে এটা বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰাৰ দাবীত ৰাজপথলৈ ওলাই আহে।

আৰক্ষীৰ সূত্ৰই জনাইছে যে তেওঁলোকে ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ (Protests against the incident) কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে লামচাং চহৰৰ বাসিন্দাসকলেও টায়াৰ জ্বলাই আৰু শিল নিক্ষেপ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
লামচাং আৰক্ষীয়ে জনাইছে যে যুৱক দুজন দেওবাৰে পুৱা এখন বাইকত ইম্ফলৰ চেকমাই অঞ্চললৈ গৈছিল। তেতিয়াৰ পৰা তেওলোকৰ সন্ধান পোৱা হোৱা নাই। তালাচী অভিযানৰ সময়ত, আৰক্ষীয়ে দুটা মোবাইল ফোন উদ্ধাৰ কৰে। তেওঁলোকে দাবী কৰে যে ফোন দুটা সন্ধানহীন যুৱক দুজনৰ আছিল। আৰক্ষীয়ে কাংপোকপি জিলাৰ সীমাৰ সিপাৰে সেনাপতি জিলাৰ এটা কুঁৱা পাম্পৰ পৰা দুটা মোবাইল ফোন উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি, ফোন দুটা ক’লা পলিথিনৰ মোনাত মেৰিয়াই থোৱা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে যুৱককেইজনক বিচাৰি উলিয়াবলৈ অনুসন্ধান চলাই আছে।












