
ছয়জন নলেগলে লগা বন্ধু। তাৰে দুজন ভাতৃও। কিন্তু এক যাত্ৰালৈ ওলাই গৈ মাজবাটৰ পৰা আৰু ঘৰলৈ উভতি নাহিল তেওঁলোক। হৰিদ্বাৰৰ গংগাত গা ধুবলৈ ঘৰৰ পৰা ওলাই গৈছিল ছয়জন বন্ধু। কিন্তু পৰিয়ালৰ কোনেও এই মৰ্মান্তিক দুৰ্ঘটনাৰ কোনো আভাসো পোৱা নাছিল।

মুজাফ্ফৰনগৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ৬ জন বন্ধিৰে মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে উৎসৱৰ বতৰত শোকৰ ছাঁ পেলাইছে। ৰাখীগড়ী আৰু মঠ গাঁৱত এতিয়া কেৱল কান্দোন আৰু কান্দোন।
হাৰিয়ানাৰ হিছাৰ জিলাৰ নৰনাউণ্ড মহকুমাৰ ৰাখীগড়ী আৰু মঠ গাঁৱৰ ছয়জন বন্ধুৱে মুজাফ্ফৰনগৰত এক পথ দুৰ্ঘটনাত পতিত হয়। তেওঁলোকৰ গড় বয়স আছিল ২০ৰ পৰা ২১ বছৰৰ ভিতৰত। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ৰাখীগড়ীৰ বাসিন্দা চাহিল (২০), অমন (২১), অংকিত (২১) আৰু ৰাহুল (২৩) আৰু মঠ গাঁৱৰ আন দুজন যুৱকে হৰিদ্বাৰলৈ গৈ আছিল।
কোনোবাই পঢ়া-শুনা কৰি আছিল, আন কোনোৱে নিজৰ বিশেষ দক্ষতা ব্যৱহাৰ কৰি পৰিয়ালৰ আৰ্থিক দায়িত্ব নিজৰ কান্ধত বহন কৰিছিল। সোমকুমাৰৰ পুত্ৰ চাহিলে গাড়ীচালক হিচাপে কাম কৰিছিল। ৰামফলৰ পুত্ৰ অমন আৰু ছমশ্বেৰৰ পুত্ৰ অজয় দুয়োজনেই মঠ লোহাৰী গাঁৱৰ বাসিন্দা, তেওঁলোক ছাত্ৰ আছিল। ৰাজেশৰ পুত্ৰ অংকিতো ছাত্ৰ আছিল।
ইফালে ৰাখীগড়ীৰ বাসিন্দা আৰু সমুদ্ৰৰ পুত্ৰ অংকিতে এচি আৰু ফ্ৰীজ মেৰামতিৰ কাম কৰাৰ বিপৰীতে ৰাহুল গেছ ৱেল্ডিঙৰ বিশেষজ্ঞ টেকনিচিয়ান আছিল। আটায়ে একেলগে তীৰ্থযাত্ৰালৈ গৈছিল। অংকিত আৰু ৰাহুল দুয়ো ভাতৃ আছিল। যোৱা ৯ নৱেম্বৰ সোমবাৰে পুৱা প্ৰায় ৫ বজাত মুজাফ্ফৰনগৰ ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
মুজাফ্ফৰনগৰৰ এছএছপি সূৰয কুমাৰ ৰায়ে জনোৱা মতে, হাৰিয়ানাৰ পানিপথৰ দিশৰ পৰা অহা এখন গাড়ীত ছয়জন যাত্ৰী থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰে। স্থানীয় জগজা টোল অতিক্ৰম কৰাৰ পিছতে সংঘটিত হয় এই দুৰ্ঘটনা।
তীব্ৰবেগী গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে। ইয়াৰ পিছতে গাড়ীখনে আন এটা লেনলৈ ঘূৰি গৈ ওলোটা হৈ পৰে আৰু জুই লাগি যায়। স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, গাড়ীখন ইমান বেগেৰে গৈ আছিল যে বিদ্যুতৰ খুঁটা এটা দুটুকুৰা হৈ পৰে আৰু অঞ্চলটোৰ ডিভাইডাৰটো যথেষ্ট ক্ষতিগ্ৰস্ত হয়।
এই তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ছয়জন লোককে উদ্ধাৰ কৰি লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু অগ্নিদগ্ধ হৈ ছয়জনেই মৃত্যুক সাৱটি লয়। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।











