ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলঙত পৱিত্ৰ বৰদিনৰ প্ৰস্তূতি প্ৰায় সম্পূৰ্ণ হৈছে । বুধবাৰে খ্ৰীষ্টান ধৰ্মালম্বী লোকে পালন কৰিব পৱিত্ৰ বৰদিন ।সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বুধবাৰে খ্ৰীষ্টান ধৰ্মালম্বী লোকে উদযাপন কৰিব পৱিত্ৰ বৰদিন ।
ইয়াৰ বাবে প্ৰত্যেক খ্ৰীষ্টান ধৰ্মালম্বী পৰিয়ালে প্ৰস্তূতি সম্পূৰ্ণ কৰি তুলিছে । পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন অঞ্চলত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে । জিলাখনত বিভিন্ন প্ৰান্তৰ লগতে বৈঠালাংছʼৰ প্ৰতিটো গিৰ্জাঘৰ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে । ইফালে খ্ৰীষ্টমাছ কেৰলৰ ধ্বনিত মুখৰিত হৈ পৰিছে প্ৰতিটো গিৰ্জাঘৰ ।
শিশুৰ পৰা জ্যেষ্ঠজনলৈকে সাজু হৈছে পৱিত্ৰ যীশুৰ বাণী কেৰলৰ মাধ্যমেৰে প্ৰচাৰ কৰিবলৈ । ইফালে চান্টাক্লছʼক প্ৰতিকী ৰূপত শিশুসকলে উপস্থাপন কৰিবলৈ ধৰ্মীয় সাজ পোচাক পৰিধান কৰি সাজু হোৱা পৰিলক্ষিত হৈছে ।এনেদৰেই এতিয়া পৱিত্ৰ বৰদিন উৎসৱ উদযাপন কৰাৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ খ্ৰীষ্টান ধৰ্মালম্বী লোকসকলে প্ৰস্তুতি সম্পন্ন্ কৰি তুলিছে ।