![]()
অসম চৰকাৰে কেইবাটাও কেন্দ্ৰীয় প্ৰকল্প ৰূপায়ণ (Implementation of Central Projects) কৰি আছে আৰু আন কেইবাটাও ৰূপায়ণৰ পথত আছে। শনিবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে (Chief Minister’s Press Conference) এই কথা কয়। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত প্ৰকল্পৰ (Central Government approved projects) অগ্ৰগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংবাদমেলত অৱগত কৰে।

তেওঁ কয় যে কেন্দ্ৰীয় অৰ্থ-সাহায্যত অসমত তিনিটাকৈ বৃহৎ প্ৰকল্প ৰূপায়ণৰ পথ প্ৰশস্ত হৈছে। সেইকেইটা হৈছে কাজিৰঙা এলিভেটেড ৰোড প্ৰকল্প, গহপুৰ-নুমলীগড় সংযোগী ১৪.৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ সুৰংগ পথ (Brahmaputra tunnel path) আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্প (Guwahati Ring Road Project)।
উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ সুৰংগ পথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১২ হাজাৰ কোটি টকা অনুমোদন জনোৱা বুলি তেওঁ উল্লেখ কৰে।

আনহাতে, জানুৱাৰীত আধাৰশিলা স্থাপন কৰা হ’ব কাজিৰঙা এলিভেটেড ৰোড প্ৰকল্পৰ (Kaziranga Elevated Road Project) আধাৰশিলা। এই প্ৰকল্পৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে ৫৫০০ কোটি টকা।
গুৱাহাটী ৰিং ৰোডৰ এটা অংশ বাইহাটা চাৰিআলিৰ পৰা মান্দাকাটা, কুৰুৱা, নাৰেংগী, চন্দ্ৰপুৰ হৈ সোণাপুৰলৈ যাব। আনটো অংশ সোণাপুৰৰ পৰা জালুকবাৰী হৈ বাইহাটা চাৰিআলিলৈ যাব। ইয়াৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৫৮০০ কোটি টকা।












