![]()
চাৰা তেণ্ডুলকাৰৰ সৈতে শুভমন গিলৰ (Sara Tendulkar & Shubhman Gill) সম্পৰ্ক এতিয়া স্পষ্ট হৈ পৰিছে। শুভমনৰ প্ৰেম কাহিনী এতিয়া শচীন কন্যাক কেন্দ্ৰ কৰিয়েই ঘূৰি আছে!
আম্বানিৰ জিঅ’ ৱৰ্ল্ড প্লাজা মুকলি অনুষ্ঠানত একেলগে স্নেপ লোৱাৰ পিছত বৃহস্পতিবাৰে ৱাংখেড় ষ্টেডিয়ামত শুভমনৰ বাবে উল্লাস কৰা দেখা গৈছিল চাৰাক।

কিন্তু যেতিয়া শুভমন আউট হয়, চাৰাৰ যেন ভাঙি পৰে আকাশী সৰগ। মুঠতে দুয়োৰে সম্পৰ্কৰ আঁৰপৰ্দাখন এতিয়া ক্ৰমান্বয়ে শিথিল হৈ আহিছে। মুম্বাইত শ্ৰীলংকাক পৰাস্ত কৰে টিম ইণ্ডিয়াই। শুভমন গিল এদিনীয়া ক্ৰিকেটত বৰ্তমান সুন্দৰ ফৰ্মত আছে। কিন্তু বৃহস্পতিবাৰে শুভমনে মাত্ৰ আঠ ৰানৰ বাবে বিশ্বকাপৰ প্ৰথমটো শতকৰ পৰা বঞ্চিত হয়।
লগে লগে যেন হতাশাই চাৰাৰ অভিব্যক্তিত ধুমুহাৰ সৃষ্টি কৰে। তাৰ পৰাই বুজা গʼল দুয়োৰে মাজত বন্ধুত্ব কিমান গভীৰ। অৱশ্যে পিছমুহূৰ্ততে তেওঁ নিজে থিয় হৈ শুভমনক সম্ভাষণ জনায়। শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভণিতে ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই ভাৰত অলপ চাপত পৰিছিল। অৱশ্যে শুভমনে কোহলীৰ সৈতে দলটোক আগুৱাই লৈ যায়। এই দিনটোতে উজ্জ্বল ৰঙৰ চাৰ্ট আৰু পেণ্ট পিন্ধি গেলাৰীত দেখা গʼল শচীন কন্যাক।
চাৰা-শুভমন যুটি এতিয়া ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু। শুভমন অনুৰাগীয়ে এতিয়া চাৰাৰ নামৰ কাষত ‘বৌ’ সংযোগ কৰিছে। ৱাংখেড়ৰ এই দিনটোত যেতিয়া হাঁহিমুখীয়া শুভমনৰ বন্দনা চলিছিল, তেতিয়া চাৰাৰ মুখত মিঠা হাঁহি বিৰিঙিছিল। চাৰাৰ মুখখন কেমেৰাত ভাহি উঠিছিল, যেতিয়া শুভমনে চাৰি-ছয় কোবাইছিল। শচীন তেণ্ডুলকাৰো খেলপথাৰত উপস্থিত আছিল।









