একেৰাহে চতুৰ্থ দিনতো দিল্লীক আৱৰি আছে ধোঁৱাৰ চাদৰে (4th day pollution in Delhi)। দিনত দেখা পোৱা নাযায় সূৰ্যৰ পোহৰ (Sunlight is not visible during the day)। নিশাৰতো কোনো কথাই নাই। দিল্লীত দিনৰ ভাগতেই গাড়ীৰ লাইট আৰু ষ্ট্ৰীট লাইটে পোহৰাই ৰাখিছে। নিশা গাড়ীৰ গতিবেগ কমিছে। যদিও বিদ্যালয়-মহাবিদ্যালয়সমূহ আনুষ্ঠানিকভাৱে বন্ধ ঘোষণা কৰা নাই, তথাপিও কিছুদিনৰ বাবে শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পুৱা খোজকাঢ়িবলৈ ওলাই যোৱা লোকসকলে উশাহ লোৱাত কষ্ট পোৱা বুলি কয়। গতিকে বৰ্তমান পুৱা ওলাই যোৱাটো বন্ধ ৰাখিছে। দিল্লীৰ বিভিন্ন পথত দৃশ্যমানতা ইমানেই হ্ৰাস পাইছে যে দিনতেই যেন সন্ধিয়া নামিছে।
গুৰগাঁৱৰ নয়ডাত সাধাৰণ মানুহৰ পৰা গাড়ীচালকলৈকে বহু সমস্যাৰ সন্মুখীন হৈছে। ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১৫ টা নিৰ্দেশনা জাৰি কৰিছে। ফলত গাড়ী, জ্বলনশীল সামগ্ৰী, ধূলি সকলোতে পদক্ষেপ লোৱা হʼব। কিন্তু এই সকলো প্ৰচেষ্টাৰ পিছতো প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। ইতিমধ্যে দেশৰ শীর্ষ আদালতে এই সন্দর্ভত প্রতিবেদনৰ আহ্বান জনাইছে৷ কিন্তু প্ৰতিবেদন যিয়েই নহওক কিয়, পোহৰৰ উৎসৱ দীপাৱলী আহি আছে। দিল্লীৰ এই প্ৰদূষণ কিমানখিনিলৈ যাব তাক লৈ চিন্তিত পৰিবেশবিদসকল।
তেওঁলোকৰ মতে, এতিয়া উৎসৱৰ বতৰ চলি আছে। সেই তালিকাত আহি আছে দীপাৱলী। কিন্তু দিল্লীৰ বায়ু প্ৰদূষণ দেৱালীৰ নিশাৰ পিছত কেনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব তাক উল্লেখ কৰাৰ প্ৰয়োজন নাই৷