![]()
অসম-নাগালেণ্ড (Assam-Nagaland) সীমান্তৰ লাহৰিজানত পুণৰ উদ্ধাৰ হৈছে বৃহৎ পৰিমানৰ সন্দেহযুক্ত হেৰইন ৷ আজি পুৱাৰ ভাগত কাৰবি আংলং আৰক্ষীৰ এক সূত্ৰ অনুসৰি জানিব পৰা মতে শণিবাৰে নিশা প্ৰায় ৮ মান বজাত AS 26 E 2081 নম্বৰৰ এখন এক্স ইউ ভি গাড়ী মনিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত লাহৰিজান আৰক্ষীৰ তালাচিত গাড়ীখনৰ পৰ্ জব্দ হয় চাবোনৰ বাকচত ভৰাই অনা সন্দেহযুক্ত ৫০ পেকেট হেৰইন ।

সৰবৰাহকাৰীয়ে হেৰইন খিনি গাড়ীৰ ভিতৰত গোপন কক্ষত ভৰাই অতি কৌশলেৰে সৰবৰাহৰ চেষ্টা চলাইছিল গাড়ী চালক মহম্মদ অনচে৷
আৰক্ষীয়ে হেৰইন সহ গ্ৰেপ্তৰ কৰে মহম্মদ আনচ নামৰ ইৰম্ফল ২৪ বছৰীয়া যুৱকক ৷
জব্দ কৃত হেৰইন”ৰ উজন প্ৰায় ৬৩৭ গ্ৰাম আৰু হেৰইনখিনিৰ বজাৰ মুল্য প্ৰায় এক কোটিৰো অধিক হব বলি অনুমান কৰা হৈছে ৷













