![]()
মিজোৰাম নিৰ্বাচনৰ (Mizoram elections) বাবে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে বিজেপিয়ে (BJP releases manifesto)। মহিলা সবলীকৰণ, মাদকমুক্ত মিজোৰাম সৃষ্টি আৰু ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। দলৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে আইজলত তেওঁলোকৰ ‘ভিজন ডকুমেণ্ট’ মুকলি কৰে।
নাড্ডাই কয় যে বিজেপি ক্ষমতালৈ আহিলে ৰাজ্যৰ ৩৩ শতাংশ চাকৰি মহিলাৰ বাবে সংৰক্ষিত হʼব। প্ৰতিগৰাকী কন্যা সন্তানক ডেৰ লাখ টকাৰ সাহায্য প্ৰদানৰ বাবে ৰাণী লুপুইলিয়ানীৰ নামেৰে নামকৰণ কৰা প্ৰকল্পটো গ্ৰহণ কৰিব বিজেপিয়ে।

‘ভিজন ডকুমেণ্ট’ অনুসৰি, বিজেপিৰ কাৰ্যকালত ২৫০ আৰু ৩৫০ কোটি টকা ব্যয় কৰি ৰাজ্যৰ শিক্ষা ব্যৱস্থা পুনৰ নিৰ্মাণ কৰা হʼব। চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়ৰ ৰূপ সলনি কৰা হʼব। ৰাজ্যিক ক্ৰীড়া একাডেমী স্থাপন কৰা হʼব, যʼত ৰাজ্যই প্ৰতিভাৱান ক্ৰীড়াবিদৰ সম্পূৰ্ণ দায়িত্ব লʼব। ইয়াৰ উপৰি অলিম্পিক পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভা উলিয়াই আনিবলৈ মিজোৰাম অলিম্পিক মিছন গঢ়ি তোলা হʼব।
ফুটবল, ভাৰোত্তোলন, মল্লযুঁজ, হকী আৰু বেডমিণ্টনত বিশেষ গুৰুত্ব দিয়া হʼব। কেন্দ্ৰৰ সহায়ত জোৰাম মেডিকেল কলেজক ৰেইমছলৈ উন্নীত কৰা হʼব।নাড্ডাই কয়, “বিজেপিয়ে ৰিপোৰ্ট কাৰ্ডত বিশ্বাস কৰে, ভোট বেংকৰ ৰাজনীতিত নহয়। প্ৰধানমন্ত্ৰীৰ মতে ৰাজনীতিত লিংগ, ধৰ্ম, জাতি, গোট, ভাষাৰ বৈষম্য নহয়, সকলোৰে বিকাশ গুৰুত্বপূৰ্ণ।”













