![]()
অন্ত পৰিল দুৰ্গা পূজাৰ (Durga Puja) উৎসাহ-উদ্দীপনা। মঙলবাৰে বিজয়া দশমীত দেৱী দুৰ্গাক বিসৰ্জনৰ পিছত নিজম পৰিছে পূজাথলীবোৰ। এইবাৰ দুৰ্গা পূজাৰ মূৰ্তি আৰু মণ্ডপৰ ক্ষেত্ৰত গুৱাহাটীত পূৰ্বতকৈ বহু অভিলেখ সৃষ্টি হৈছে। তাৰ লগে লগে আন এক অভিলেখ সৃষ্টি কৰিলে গুৱাহাটীবাসীয়ে।
উৎসৱ বুলি ক’লেই এতিয়া যেন সুৰা সেৱনৰ এক অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি হয়। শেহতীয়া দুৰ্গা পূজাও ইয়াৰ ব্যতিক্ৰম নহয়। এইবাৰ দুৰ্গা পূজাত গুৱাহাটীত সুৰা বিক্ৰীৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ হয় (Durga Puja breaks record for sale of liquor in Guwahati)।

দুৰ্গা পূজাৰ তিনিটা দিনত মহানগৰীত বিক্ৰী হয় মুঠ ২২.৫ কোটি টকাৰ সুৰা (Total sale of liquor worth Rs 22.5 crore)। যোৱা বছৰ এই সংখ্যা আছিল ১৬.৮ কোটি টকা। অৰ্থাৎ এইবাৰ গুৱাহাটীবাসীয়ে ৬ কোটি টকাৰ অধিক সুৰা সেৱন কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ৰাজহ সংগ্ৰহৰ দিশটোৰ কথা চিন্তা কৰি দশমীৰ দিনটোত ড্ৰাই ডে’ ঘোষণা কৰা নাছিল। ইয়াৰ পূৰ্বে ৰাজ্যত এই দিনটোত সুৰা বিপনীবোৰ বন্ধ আছিল।
আবকাৰী বিভাগৰ সূত্ৰ অনুসৰি, অষ্টমী, নৱমী আৰু দশমীৰ দিন তিনিটাত চাৰে বাইছ কোটি টকাৰ সুৰা বিক্ৰী হয়।













