কেইবা মাহ উকলি যোৱাৰ পিছতো মণিপুৰৰ সাম্প্ৰদায়িক সংঘাতৰ (Manipur Violence) জুই নিৰ্বাপণৰ কোনো লক্ষণ এতিয়াও দেখা নাই। বিৰোধীয়ে বাৰে বাৰে লক্ষ্য কৰি লোৱাৰ পাছতো অশান্তি আৰম্ভ হোৱাৰ ইমান দিন পাছতো উত্তৰ-পূবৰ ৰাজ্যখনত ভৰি নিদিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মণিপুৰৰ এই সংঘৰ্ষৰ আঁৰত বিদেশী শক্তিৰ হাত বা প্ৰৰোচনা আছে বুলি মন্তব্য কৰে সংঘ প্ৰধান মোহন ভাগৱতে। কিন্তু কুকি সংগঠনে এই কথা প্ৰতিহত কৰি কয় যে মণিপুৰত অশান্তিৰ কাৰণ কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰ।
কেৱল সেয়াই নহয়, মঙলবাৰে ‘সাংস্কৃতিক’ মাৰ্ক্সবাদীকো লক্ষ্য কৰি লয় ভাগৱতে। সংঘ প্ৰধানে তেওঁলোকক দেশৰ শিক্ষা-সংস্কৃতিৰ বাবে এক ধ্বংসাত্মক শক্তি হিচাপে চিনাক্ত কৰে। অৱশ্যে পাঁচ দিন পূৰ্বে তেওঁ নাগপুৰত চিপিআই নেতা এ বি বৰ্ধনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰিছিল। মতাদৰ্শগতভাৱে বিপৰীতমুখী বাওঁপন্থী নেতাক শ্ৰদ্ধাঞ্জলি জনোৱা সংঘৰ মুৰব্বীসকলৰ ভিতৰত তেওঁ প্ৰথমজন আছিল।
সেই সময়ত অৱশ্যে ৰাজনৈতিক মহলে কয় যে সংখ্যালঘুকে ধৰি দেশৰ সকলো জনসাধাৰণক তেওঁলোকৰ ফালে টানি অনাৰ প্ৰয়াস সংঘৰ শেহতীয়া প্ৰচেষ্টাৰ অংশ। প্ৰতি বছৰে বিজয়া দশমীৰ দিনা নাগপুৰৰ পৰা সংঘ পৰিবাৰৰ কৰ্মীসকলক সম্বোধন কৰে সংঘ প্ৰধানে। মূলত আৰএছএছৰ মুৰব্বীয়ে সিদ্ধান্ত লয় যে অহা এটা বছৰত দলটোৱে কোন দিশলৈ যাব, কোনবোৰ বিষয়ক গুৰুত্ব দিব। অহা বছৰ দেশত লোকসভা নিৰ্বাচন।
গতিকে স্বাভাৱিকতে এইবাৰৰ ভাষণত সংঘৰ মুৰব্বীগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি ভোটাৰসকলক নিজৰ বিচাৰ-বিবেচনা প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, “আৱেগক উচটনি দি ভোট লাভ কৰাৰ প্ৰৱণতা বাঞ্ছনীয় নহয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেয়াই হৈ আছে। বিভাজনকাৰী শক্তিৰ প্ৰতি সচেতন হওক।” ভাগৱতে মানুহক সেই দলক ভোট দিবলৈ আহ্বান জনায়, যিয়ে ভাল কাম কৰিছে।