![]()
মিজোৰামৰ বিধানসভা নিৰ্বাচন (Assembly elections in Mizoram) সমাগত। তাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি মিজোৰাম ভ্ৰমণ কৰে ৰাহুল গান্ধীয়ে (Rahul Gandhi in Mizoram election campaign)। মিজোৰামৰ ৰাজধানী আইজলত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ সোমবাৰে ৰাহুল গান্ধীয়ে ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰত অৱতৰণ কৰে।
আনহাতে, এমবিবি বিমানবন্দৰত ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত কংগ্ৰেছ নেতা আশীষ কুমাৰ সাহা, বিধায়ক সুদীপ ৰায় বৰ্মনৰ বিধায়ক গোপালচন্দ্ৰ ৰায়, প্ৰাক্তন বিধায়ক দ্বীবচন্দ্ৰ ৰংখাল যুৱ কংগ্ৰেছৰ সভাপতি ৰাখু দাস, বাপ্তু চক্ৰৱৰ্তী আদি উপস্থিত থাকে। আজি পুৱা প্ৰায় ১০ বজাত ৰাহুল গান্ধীৰ বিমানখন এমবিবি বিমানবন্দৰত অৱতৰণ কৰে।

ইয়াৰ পিছতে প্ৰায় ৩০ মিনিটৰ বাবে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পিছত হেলিকপ্টাৰেৰে আইজল অভিমুখে ৰাওনা হয়। বৈঠকৰ অন্তত বিধায়ক সুদীপ ৰয় বৰ্মনে কয় যে ৰাহুল গান্ধীয়ে ত্ৰিপুৰাৰ জনসাধাৰণৰ খবৰ লয়, আৰু ত্ৰিপুৰাৰ সাংগঠনিক বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয়।
৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন শেষ হোৱাৰ পিছত তেওঁ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ বাবে ত্ৰিপুৰালৈ যাব বুলিও জনা গৈছে। উল্লেখযোগ্য যে ৰাহুল গান্ধী আজি আইজলত থাকিব। মঙলবাৰে দুপৰীয়া আইজলৰ পৰা ত্ৰিপুৰা হৈ দিল্লীলৈ ৰাওনা হʼব।













