১৩ আৰু ১৪ অক্টোবৰত দুদিনীয়াকৈ কাৰ্যসূচীৰে ঐতিহ্যপূৰ্ণ ডিফু ক্লাৱত অনুষ্ঠিত হৈ যায় অট’নমাচ ষ্টেট ডিমাণ্ড কমিটি (Autonomous State Demand Committee) চমুকৈ এএছডিচিৰ (ASDC) ১১ সংখ্যক অধিৱেশন৷ কালি প্ৰতিনিধি পঞ্জীয়নৰ পিছত আজি পুৱাৰে পৰা আৰম্ভ হয় দ্বিতীয় দিনাৰ কাৰ্যসূচী৷ পুৱাৰ ভাগত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে (ASDC president Chandrakant Terang) সংগঠনৰ পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদসকলক সোঁৱৰি শ্বহীদ তৰ্পন কৰা হয়৷ পুৱা দহ বজাৰ পৰা ডিফু ক্লাৱৰ সভা কক্ষত ছনছিং তেৰাঙ, ধনীৰাম টিচ’ আৰু ছাৰচিং ইংলেঙৰ সভাপতি মণ্ডলীৰ পৌৰোহিত্যত আৰম্ভ হোৱা মুকলি সভাখনত সভাপতি চন্দ্ৰকান্ত তেৰাঙ, সাধাৰণ সম্পাদক জৎছন বে,সঞ্জয় কিলিঙ আৰু ডেনিয়েল টেৰণৰ লগতে জাকাছৰ অধ্যক্ষ খৰছিং টেৰণ, কেএছএৰ প্ৰাক্তন সভাপতি ৰবিন্দ্ৰ ৰংপি, কেএনচিএ আৰু কেআৰএএৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এএছডিচিৰ সাধাৰণ সম্পাদক জৎছন বে’ই কয় যে, এএছডিচিয়ে ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি এখন স্বায়ত্ত Spring দাবীত দীৰ্ঘদিন আন্দোলন কৰাৰ পিছত চৰকাৰৰ সৈতে এমঅ’ইউ স্বাক্ষৰ কৰি স্বায়ত্তৰাজ্য গঠনৰ বাবে অপেক্ষা কৰিলো ৷ কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পিছতো স্বায়ত্তৰাজ্য প্ৰদানৰ নামত কেৱল প্ৰতাৰণা আৰু কাৰবি আংলং ৰাইজৰ ওপৰত অত্যাচাৰৰ পদ্ধতি গ্ৰহণ কৰিলে ৷ বৰ্তমানৰ সাংসদজনে সংসদত স্বায়ত্তৰাজ্য বিষয়টো উত্থাপন কৰাৰ পিছত গৃহমন্ত্ৰীয়ে চৰকাৰৰ হাতত স্বায়ত্তৰাজ্যৰ পলিচি নাই বুলি উত্তৰ দিলে৷
সাংসদগৰাকীয়ে এইলৈ কোনো বিতৰ্কত অংশগ্ৰহণ নকৰিলে৷ আনহাতে কাৰবি আংলং-মেঘালয়ৰ সীমাকলৈ কোনো ধৰণৰ সমস্যা নথকাৰ পিছতো বিজেপি চৰকাৰে সীমান্তত ১৫০০ কিলোমিটাৰ এলেকাত ৪০-৬০ খন গাওঁ থকাৰ পিছতো উক্ত এলেকা মেঘালয়ক হস্তান্তৰ কৰিলে বুলি অভিযোগ কৰে ৷ জিলা খনত সৈনিক স্কুল, সৌৰ প্ৰকল্প স্থাপনত এএছডিচিৰ কোনো আপত্তি নাই যদিও উক্ত আঁচনিসমূহ কৃষি অনুপযোগী ভূমিত কৰিলে সকলোৰে বাবে ভাল হ’ব৷
বকলীয়াঘাট আৰু খেৰণিৰ কৃষি প্ৰকল্পৰ বাবে থকা অনুপযোগী স্থানত সৈনিক স্কুল আৰু সৌৰ প্ৰকল্প স্থাপন কৰাত এএছডিচিৰ আপত্তি নাই ৷ বৰ্তমানৰ বিজেপিৰ শাসন কালত কাৰবি আংলঙত ভূমি ৰাজহ বৃদ্ধি কৰা কাৰ্য গ্ৰহণযোগ্য নহয় বুলি কয় জৎছন বে’ই ৷ যি সময়ত এমুঠি অন্নৰ বাবে ৰাইজে সংগ্ৰাম কৰিব লগীয়া হৈছে তেনে সময়ত ভূমিৰ ৰাজহ বৃদ্ধি কৰাটো ৰাইজৰ ওপৰত অত্যাচাৰ আৰু জোৰ- জুলুম কৰা বুলি ক্ষোভ উজাৰে এএছডিচিৰ শীৰ্ষ নেতাগৰাকীয়ে৷ আনহাতে পাৰ্বত্য জিলাৰ দীৰ্ঘদিনীয়া স্বায়ত্তৰাজ্যৰ দাবী আৰু চৰকাৰৰ অত্যাচাৰ আৰু জুলুমৰ বিৰুদ্ধে শীঘ্ৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে নেতাগৰাকীয়ে ৷