![]()
২০২৩-২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা (Matriculation Exam Schedule 2023-24) ছেবা (SEBA)ৰ ৷ ২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব মেট্ৰিক পৰীক্ষা । আনহাতে, ৪ মাৰ্চত অন্ত পৰিব পৰীক্ষা ৷ ঘোষিত সময়সূচী অনুসৰি, ১৬ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা ৷
আনহাতে, ২০ ফেব্ৰুৱাৰীত সমাজ বিজ্ঞান, ২৩ ফেব্ৰুৱাৰীত মাতৃভাষা, ২৬ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞান, ২৯ ফেব্ৰুৱাৰীত সাধাৰণ গণিত আৰু ৪ মাৰ্চত অনুষ্ঠিত হ’ব ঐচ্ছিক বিষয়ৰ পৰীক্ষা ৷ ২ আৰু ৩ ফেব্ৰুৱাৰীত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ’ব।

ছেবাই পূৰ্বতে ঘোষণা কৰা অনুসৰি, এইবাৰ ৫০ শতাংশ নম্বৰৰ অ’এমআৰ শ্বীটৰ জৰিয়তে অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। আনহাতে, পৃথক উত্তৰ বহীত হ’ব বাকী ৫০ শতাংশ নম্বৰৰ পৰীক্ষা। উল্লেখ্য যে ২০২৩ বৰ্ষৰ পৰা ৰাজ্যত আৰম্ভ হোৱা নতুন শিক্ষানীতিৰ আধাৰত শিক্ষাৰ্থীয়ে ৪ টা বিষয়ত ৫০ শতাংশকৈ বস্তুনিষ্ঠ প্ৰশ্ন লাভ কৰিছে ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ পৰা। মুঠ ১০০ নম্বৰৰ ভিতৰত ৪৫ নম্বৰ থিয়ৰী আৰু ৪৫ নম্বৰ অবজেকটিভৰ উপৰি ১০ নম্বৰ হৈছে আভ্যন্তৰীণ সমীক্ষা ।
আনহাতে, মাতৃভাষা আৰু ঐচ্ছিক বিষয়ৰ প্ৰশ্ন পূৰ্বৰ দৰে একেই আছিল।উল্লেখ্য যে ছেবাই ২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ দিন ৩ অক্টোবৰৰ পৰা ৩১অক্টোবৰ নিৰ্ধাৰণ কৰিছে । অনলাইন মাচুল আদায়ৰ অন্তিম দিন হৈছে ৩১ অক্টোবৰ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ মাচুল ২,২০০ টকা নিৰ্ধাৰণ কৰা হৈছে ৷ অৱশ্যে দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।













