এক মহাকাশীয় পৰিঘটনা প্ৰত্যক্ষ কৰিবলৈ সাজু হৈছে বিশ্ব। ১৪ অক্টোবৰত (14 October) সংঘটিত হ’ব বিৰল মহাজাগতিক পৰিঘটনা ‘ৰিং অব ফায়াৰ’ (Ring of Fire) বা অগ্নি বলয় সূৰ্যগ্ৰহণ (solar eclipse) । কিন্তু এই পৰিঘটনা ভাৰতত দৃশ্যমান নহ’ব (Won’t be visible in India)। এই সূৰ্যগ্ৰহণ ১৪ অক্টোবৰৰ নিশা ১১.২৯ বজাৰ পৰা (ভাৰতীয় সময়মতে) নিশা ১১.৩৭ বজালৈ (ভাৰতীয় সময়মতে) দৃশ্যমান হ’ব ।
চন্দ্ৰই সূৰ্যৰ সন্মুখত অৱস্থান কৰাৰ ফলত এই সূৰ্যগ্ৰহণৰ সৃষ্টি হ’ব । অন্তিমবাৰৰ বাবে ২০১২ চনত আমেৰিকাৰ কিছু অঞ্চলত এনে সূৰ্যগ্ৰহণ দেখা গৈছিল । ‘ৰিং অব ফায়াৰ’ বা ‘এনুলাৰ’ সূৰ্যগ্ৰহণ পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু অংশত দৃশ্যমান হ’ব ।
অৱশ্যে ভাৰতত এই গ্ৰহণ দৃশ্যমান নহ’লেও এই মহাজাগতিক পৰিঘটনা নাছাই ইউটিউবত পোনপটীয়া সম্প্ৰচাৰ কৰিব । উল্লেেথ্য যে সূৰ্য আৰু আমাৰ গ্ৰহটোৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত যেতিয়া চন্দ্ৰ পৃথিৱীৰ পৰা আটাইতকৈ দূৰৈত উপনীত হয়, তেতিয়া এক দৰ্শনীয় দৃশ্যৰ সৃষ্টি হয় । ইয়াৰ ফলত সূৰ্যৰ পোহৰৰ এটা বলয়ৰ সৃষ্টি হয়, যাক ‘অগ্নি বলয়’ বুলি কোৱা হয় ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰেগন, নেভাডা, উটাহ, নিউ মেক্সিকো, টেক্সাছ, আৰু কেলিফোৰ্ণিয়া, আইডাহো, কলোৰাডো আৰু এৰিজোনাৰ কিছু অংশত এই গ্ৰহণ প্ৰত্যক্ষ হ’ব । তাৰ পিছত এই গ্ৰহণ আটলাণ্টিক মহাসাগৰত সূৰ্যাস্তৰ সময়ত সমাপ্ত হোৱাৰ পূৰ্বে মেক্সিকো, মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ ওপৰেৰে যাত্ৰা কৰিব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিকোনো স্থানত এই গ্ৰহণৰ সময় গড়ে চাৰিৰ পৰা পাঁচ মিনিটৰ ভিতৰত হ’ব।