অলিম্পিকত ইতিহাস সৃষ্টিকাৰী স্বৰ্ণ দখল আৰু বিশ্ব চেম্পিয়নশ্বিপ দখলৰ পিছত এইবাৰ এছিয়াডত স্বৰ্ণ জয়। এছিয়ান গেমছ (Asian Games)ত পুনৰ স্বৰ্ণ পদক লাভ নীৰজ চোপ্ৰাৰ (Neeraj Chopra wins gold medal)। বুধবাৰে তেওঁ ৮৮.৮৮ মিটাৰ জেভলিন থ্ৰ’ৰে স্বৰ্ণ পদক লাভ কৰে।
আনহাতে, ৰূপৰ পদকো আহে ভাৰতৰ জোলোঙালৈয়ে। ওড়িশাৰ কিশোৰ জেনাই ৮৭.৫৪ মিটাৰ নিক্ষেপ কৰি একেটা ইভেণ্টতে ভাৰতলৈ স্বৰ্ণ আৰু ৰূপ দুয়োটা পদকে আনে। আনহাতে, তৃতীয় স্থান দখল কৰা ডিন জেনকিয়ে ৮০ মিটাৰ ক্লিয়াৰ কৰিলেও দ্বিতীয় স্থানৰ পৰা পাঁচ মিটাৰ পিছ পৰি থাকে।