![]()
মণিপুৰৰ ৰক্তাক্ত সংঘৰ্ষই (Manipur Violence) পাঁচ মাহ অতিক্ৰম কৰিলে। কিন্তু এই সংঘাতৰ যেন সমাধান সূত্ৰ এতিয়াও বহু দূৰৈত। অৱশ্যে তাৰ মাজতে কুকি জনগোষ্ঠীৰ সামূহিক মঞ্চ আইটিএলএফে কুকি অঞ্চলত জাৰি কৰা অনিৰ্দিষ্টকালীন নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে। সংগঠনটোৰ মহিলা শাখাৰ কাৰ্যসূচীও স্থগিত ৰখা হয়।

উল্লেখযোগ্য যে বিষ্ণুপুৰত দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ হত্যাকাণ্ডৰ তদন্তৰ সৈতে জড়িত কুকি অঞ্চলত দেওবাৰে চিবিআয়ে গোপনে অভিযান চলাই দুগৰাকী মহিলা আৰু দুজন পুৰুষক গ্ৰেপ্তাৰ কৰে। লগতে গুৱাহাটীলৈ অনা হয় দুই নাবালককো।
ইফালে কুকি যুটীয়া মঞ্চ আইটিএলএফে বন্ধৰ আহ্বান জনাই এনআইএয়ে গ্ৰেপ্তাৰ কৰা ৬ জন আৰু আন এজন শিক্ষকক ৪৮ ঘণ্টাৰ ভিতৰত মুকলি কৰি দিয়াৰ দাবী জনায়। আনহাতে, মেইটেই জিলাৰ সকলো সীমান্ত ছীল কৰা হৈছে। আন এক জনজাতি যুটীয়া মঞ্চ কোটুৱে মঙলবাৰে কাংপোকপি জিলাৰ সংঘাতৰ ৫ মাহ পূৰ্তি উপলক্ষে ১৫ ঘণ্টীয়া বন্ধ পালন কৰে। লগতে চিবিআই আৰু এনআইএৰ ‘পক্ষপাতিত্ব’ৰ প্ৰতিবাদত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ আহ্বান জনাইছে।
কিন্তু চিবিআই আৰু এনআইএয়ে স্পষ্টভাৱে কৈছে যে আটাইকেইজনকে কিছুমান তথ্য আৰু প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছে। তদন্ত বা গ্ৰেপ্তাৰৰ ক্ষেত্ৰত পক্ষপাতিত্বৰ প্ৰশ্নই উত্থাপন নহয় বুলি জনাই তদন্তকাৰী সংস্থা দুটাই সকলো প্ৰমাণ আদালতত দাখিল কৰা হʼব বুলিও কয়।













