![]()
ম্যানমাৰস্থিত (Myanmar) আলফা স্বাধীনৰ শিবিৰত দুই কেডাৰক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে। উল্লেখযোগ্য যে অসমৰ বিদ্ৰোহী সংগঠনটোৰ দুগৰাকী শীৰ্ষ পৰ্যায়ৰ কেডাৰক প্ৰদান কৰা এই মৃত্যুদণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আনহাতে, এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।

জানিব পৰা মতে আলফা স্বাধীনৰ দুই কেডাৰ লাচিত হাজৰিকা ওৰফে ব্ৰিগেডিয়াৰ চেলিম আৰু বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়াক ম্যানমাৰ শিবিৰত মৃত্যুদণ্ড বিহা হয়। যোৱা ২০ ছেপ্টেম্বৰত দুই শীৰ্ষ আলফা নেতাক এই চৰম শাস্তি প্ৰদান কৰা হয়। অৱশ্যে মৃত্যুদণ্ড প্ৰদান সন্দৰ্ভত আলফাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে লাচিত হাজৰিকা ওৰফে AZ শিৰোনাম অসম আছিল পৰেশ বৰুৱাৰ অতি ঘনিষ্ঠ আৰু বহু পুৰণি বিশ্বাসযোগ্য নেতা। তেওঁ পাকিস্তানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে।
আনহাতে, মৃত্যুদণ্ড বিহা মহিলা কেডাৰ নয়নমণি চুতীয়াৰ ঘৰ তিনিচুকীয়াত আছিল বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দুয়োগৰাকী সদস্যই আলফাৰ শিবিৰৰ পৰা পলায়নৰ চেষ্টা কৰিছিল আৰু আলফাৰ সংবিধান অনুসৰি দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এই চৰম শাস্তি প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে।
এক টুইট বাৰ্তাত তেওঁ কয়, “জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয় বিদাৰক খবৰে সকলোকে চিন্তিত কৰিছে। অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ- যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব।”













