![]()
আজি মহা মানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী (Mahatma Gandhi’s birth anniversary)। দেশজুৰি ব্যাপক কাৰ্যসূচীৰে এই গান্ধী জয়ন্তী উদযাপন কৰা হৈছে। অসমতো বিভিন্ন স্থানত গান্ধীজীৰ কৰ্ম আৰু আদৰ্শক স্মৰণ কৰা হৈছে। উল্লেখযোগ্য যে গান্ধী জয়ন্তীৰ আগদিনা ১ অক্টোবৰত সমগ্ৰ দেশজুৰি ‘স্বচ্ছতাৰ এক ঘণ্টা’ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসমতো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মহাত্মা গান্ধীৰ স্বচ্ছতা অভিযানক শ্ৰদ্ধা জনায় ৰাজ্যবাসীয়ে।

আনহাতে, আজি গুৱাহাটীস্থিত গান্ধী মণ্ডপ (Gandimandap)ত অনুষ্ঠিত হয় অসম চৰকাৰৰ গান্ধী জয়ন্তীৰ কেন্দ্ৰীয় অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকি জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পণ (Tributes paid to Mahatma Gandhi’s statue) কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma)।
লগতে গান্ধীজীৰ সমৰ্পিত জীৱন আৰু কৰ্মৰাজিক স্মৰণ কৰে মুখ্যমন্ত্ৰীয়ে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, “মানৱতা আৰু অহিংসাৰ পূজাৰী বাপুজীৰ শান্তি, সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধৰ বাণীয়ে বিশ্ববাসীক উদ্বুদ্ধ কৰি আহিছে। তেখেতৰ আদৰ্শ আৰু কৰ্মৰাজিয়ে সদায় উত্তৰপ্ৰজন্মক পথ প্ৰদৰ্শন কৰি যাব।”












