![]()
মণিপুৰত দুগৰাকী শিক্ষাৰ্থীক অপহৰণ কৰি হত্যাৰ (Two students abducted, murdered in Manipur) পিছতে পুনৰ উত্তপ্ত হৈ পৰিছে পৰিৱেশ। আনহাতে, এই হত্যাৰ গোচৰত চিবিআয়ে চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা বুলি জনাইছে। উল্লেখযোগ্য শিক্ষাৰ্থী দুগৰাকীক হত্যাৰ ছবি ভাইৰেল হোৱাৰ পিছৰে পৰা পুনৰ উত্তেজনা বিয়পি পৰিছে মণিপুৰত।
ফলত পৰিস্থিতি নিৰীক্ষণ কৰি মণিপুৰ চৰকাৰে আৰু কেইদিনমানৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ (Internet services shut down) কৰাৰ সিদ্ধান্ত লৈছে। দেওবাৰে চৰকাৰে এক নিৰ্দেশ জাৰি কৰি কয় যে মণিপুৰত ৬ অক্টোবৰ অৰ্থাৎ শুকুৰবাৰলৈ মোবাইল ইন্টাৰনেট সেৱা বন্ধ থাকিব। শুকুৰবাৰে সন্ধিয়া ৭.৪৫ বজালৈকে বন্ধ থাকিব ইণ্টাৰনেট সেৱা।
ইয়াৰ পিছত মণিপুৰ চৰকাৰে পৰিস্থিতি বিবেচনা কৰি সেৱা আৰম্ভ কৰাৰ কথা ভাবিব পাৰে। প্ৰকাশিত জাননী অনুসৰি হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰৰ জৰিয়তে বিভিন্ন ভুৱা বাৰ্তা প্ৰচাৰ কৰাৰ সম্ভাৱনা আছে। সেই বাৰ্তাৰ কোনো ধৰণৰ হিংসাত্মক প্ৰভাৱ মণিপুৰৰ জনসাধাৰণৰ ওপৰত ৰোধ কৰিবলৈকে ইণ্টাৰনেট কৰ্তনৰ সময়সীমা বৃদ্ধি কৰা বুলি জনোৱা হৈছে।

উল্লেখযোগ্য যে প্ৰায় দুমাহ ধৰি বন্ধ হৈ থকাৰ পিছত ২৫ জুলাইত মণিপুৰলৈ আংশিকভাৱে ঘূৰি আহিছিল ইণ্টাৰনেট সেৱা। প্ৰথম অৱস্থাত ফিক্সড ব্ৰডবেণ্ড সংযোগ থকাসকলকহে ইণ্টাৰনেটৰ সুবিধা দিয়া হৈছিল। ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলকো তেওঁলোকৰ কম্পিউটাৰৰ পৰা ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক (VPN) চফ্টৱেৰ আনইনষ্টল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। মণিপুৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মণিপুৰৰ বিজেপি চৰকাৰে ইণ্টাৰনেট ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে।
পিছলৈ এই সেৱা প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। কিন্তু কিছু অঞ্চলত উত্তেজনাৰ উৰাবাতৰি ৰোধ কৰিবলৈ নতুন নিষেধাজ্ঞা আৰোপ কৰা হয়।আনহাতে, পূৰ্বে জাৰি কৰা গাইডলাইন অনুসৰি মণিপুৰত মোবাইল ইণ্টাৰনেট ডাটা সেৱাৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা ১ অক্টোবৰৰ সন্ধিয়া ৭.৪৫ বজালৈকে আছিল। সেৱা স্থগিত ৰখা সন্দৰ্ভত পুনৰীক্ষণৰ অন্তত পৰৱৰ্তী সিদ্ধান্ত ঘোষণা কৰা হʼব বুলিও নিৰ্দেশত কোৱা হৈছিল।













