ASSAM TIMES POST
কোনো আতংকবাদীৰ বিস্ফোৰণ নহয়৷ অথচ এক বিস্ফোৰণত কপি উঠিল সূৰ্য৷ এক আচৰিত ঘটনা সংঘটিত হ’ল সূৰ্যত৷ এই ঘটনাৰ কোনো পূৰ্বভাস নাছিল৷ বিস্ফোৰণৰ ফলত তোলপাৰ হৈ যায় সূৰ্যৰ বায়ুমণ্ডল বা কৰোনা৷
ছুনামিৰ সময়ত যি দৰে সমুদ্ৰৰ পানী পাহাৰৰ দৰে উঠি আহি পৰেগৈ আৰু পানী ভাহি আহি উপকূলত একাকাৰ হয়, তেনেদৰে এই ভয়ংকৰ বিস্ফোৰণত আলোড়িত হয় সূৰ্যৰ বায়ুমণ্ডলৰ কেতবোৰ এলেকা৷ সূৰ্যত হঠাতে হোৱা এই ভয়ংকৰ বিস্ফোৰণ হয় তাৰ কেন্দ্ৰৰ পৰমাণুৰ পৰা৷
কোটি কোটি কিলোমিটাৰৰ দূৰৈত থকা কৰোনাত এই বিষয়ে পূৰ্বতে বিজ্ঞানীসকলে জনা নাছিল৷ এই ঘটনাৰ বিষয়ে জনাই নহয়, প্ৰথম প্ৰত্যক্ষ কৰে ভাৰতীয় বিজ্ঞানীয়ে৷ নাছাৰ ছ’লাৰ ডায়নামিক্স অবজাৰভেটৰী (এছডিঅ’)ৰ পৰা প্ৰেৰণ কৰা তথ্য আদি বিশ্লেষণ কৰি কৰোনাৰ এই বিস্ফোৰণৰ খবৰ পোৱা গৈছে৷