![]()
বৃস্পতিবাৰে গুৱাহাটীৰ লাচিতঘাটত (Lachitghat in Guwahati) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন (Himanta Biswa Sarma inaugurates) কৰে জল পৰিবহণৰ বাবে ১০ খন আধুনিক কাটামৰাণ জাহাজ (Katamran ship)।

প্ৰায় ৩৯ কোটি টকা ব্যয় সাপেক্ষে আমদানি কৰা এই জাহাজসমূহে উজনি আৰু নামনিৰ জল পৰিবহণত নতুন মাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। গুৱাহাটীৰ তিনিটা ঘাটৰ বাবে তিনিখন, মাজুলীৰ বাবে তিনিখন আৰু ধুবুৰীৰ বাবে দুখন এই আধুনিক জাহাজ আবণ্টন কৰা হৈছে। আনহাতে, আন দুখন জাহাজ পৰ্যটকৰ বাবে ব্যৱহাৰৰ সিদ্ধান্ত লোৱা হৈছে।












